দিবা-নৈশ ক্ৰিকেট খেলৰ কাৰ্যালয় মুকলি

দিবা-নৈশ ক্ৰিকেট খেলৰ কাৰ্যালয় মুকলি

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দখলাত আয়োজন কৰা হৈছে দিবা – নৈশ ক্ৰিকেট প্ৰতিযোগিতা ৷ দখলা চেলেঞ্জাৰ ক্লাৱৰ উদ্যোগত অহা ইংৰাজী ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আয়োজিত হবলগীয়া দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ দেওবাৰে সন্ধিয়া কাৰ্যালয় মুকলি কৰা হয়৷ কাৰ্যালয় মুকলি কৰে প্ৰণৱ পাল দেৱে ৷ ক্ৰিকেট প্ৰতিযোগিতা খনিত অংশ গ্ৰহণ কৰিব খোজা দল সমূহৰ খেলুৱৈ সকলে পোছাক তথা জোতা পৰিধান কৰাৰ লগতে দলত ৮ জনকৈ খেলুৱৈ থকা বাধ্যতামুলক বুলি জনাই উদ্যোক্তা সকলে৷ দিবা- নৈশ ক্ৰিকেট প্ৰতিযোগিতা খনিত প্ৰথম পুৰস্কাৰ হিছাপে আছে ৩০ হাজাৰ টকা লগতে ট্ৰফী, দ্বিতীয় পুৰস্কাৰ ২০ হাজাৰ টকা লগতে ট্ৰফী আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে ৭ হাজাৰ টকা আৰু ট্ৰফী৷ অসমৰ ইচ্ছুক খেলুৱৈ তথা দল সকলে অংশ গ্ৰহণৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ সমূহ হৈছে ৭৮৯৬৩৫০৬৪৪,৮০১১৮৪৫৫৪০,৯৯৫৭৪৭৩৭০৫