দিছপুৰ মহাবিদ্যালয়ত পৰিৱেশ সজাগতা সভা
ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাৰ পৌৰোহিত্যত আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ স’তে সংগতি ৰাখি এখনি পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত গুৱাহাটী পৌৰনিগমৰ নৱনিৰ্বাচিত পৌৰপতি মৃগেন শৰণীয়া, উপ পৌৰপতি স্মিতা ৰায় তথা বিভিন্ন পৌৰ এলেকাৰ পাৰিষদ সকলক মহাবিদ্যালয়ৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।লগতে সভাত বৃহত্তৰ গণেশগুৰি অঞ্চলৰ ব্যৱসায়ী অংশীদাৰী সকলোকো সম্বৰ্ধনা জনোৱা হয়। সভাত পৌৰপতি মৃগেন শৰীয়াই মহাবিদ্যালয়লৰ প্লাষ্টিক বৰ্জন কাৰ্যসূচী সম্পৰ্কত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে মহাবিদ্যালয়ৰ এই মহান প্ৰচেষ্টাৰ শলাগ লয়। সভাত উপস্থিত উপপৌৰপতি স্মিতা ৰায় আৰু নিমন্ত্ৰিত অতিথিসকলেও মহাবিদ্যালয়ৰ বিশ্বপৰিৱেশ দিৱসৰ প্ৰস্তুতি সম্পৰ্কত সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উক্ত অনুষ্ঠানত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা উপস্থিত থাকে। এই সভাতে ৫ জুনত মহাবিদ্যালয়ৰ পৰা ছাত্ৰ -ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলে বৃহত্তৰ গণেশগুৰি অঞ্চলত পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ কৰিব । দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° শচী মোহন দাসে আঁত ধৰা অনুষ্ঠানটিৰ শেষত অধ্যাপক অজিত প্ৰসাদ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।