দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল

দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- ৩০ আৰু ৩১ মাৰ্চত নৰ্থ ইষ্ট কাউঞ্চিল, শ্বিলং ৰ পৃষ্ঠপোষকতাত অংকন স্কুল অফ ড্ৰামাৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত, অংকন নাট সমাৰোহ অনুস্থিত হব৷-এই মন্তব্য অংকনৰ অধ্যক্ষ,চিনেমা পৰিচালক মুন্না আহমেদৰ৷আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত এই কথা ঘোষণা কৰে মুন্না আহমেদে৷সংবাদমেলত তেওঁ কয়- গুনাকৰ দেৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, বেণুধৰ পাটোৱাৰী আৰু জ্যোতি নাৰায়ন নাথৰ নিৰ্দেশত চাৰিখন নাটক মঞ্চস্থ কৰা হ’ব। এই সংবাদমেলত মুখ্য অতিথি হিচাবে উপস্থিত আছিল অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী সীমা বিশ্বাস৷