দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ দুখীয়া বিধবাৰ মাজত কম্বল বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই আজি আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ বিধবা মহিলাৰ মাজত কম্বল বিতৰণ কৰে। দুৰ্গত জনলৈ সহায়ৰ হাত কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভানেত্ৰী মানসী আদিলৰ নেতৃত্বত মঞ্চৰ এটা প্ৰতিনিধি দল আজি বৰপেটা জিলাৰ বহৰীৰ হৰিপুৰত উপস্থিত হৈ মুঠ এশটা পৰিয়ালৰ বিধবা মহিলাৰ মাজত কম্বল বিতৰণ কৰে। স্থানীয় সমাজকৰ্মী যুৱক বাহাদুৰ ইছলামৰ সহযোগিতাত এশটা আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ বিধবা মহিলাৰ মাজত মঞ্চই কম্বল বিতৰণ কৰাৰ লগতে মহিলা সকলৰ মাজত নাৰী সৱলীকৰণৰ বাবে সজাগতা অভিযানো চলাই। ভাষণ প্ৰসংগত মঞ্চৰ সভানেত্ৰী মানসী আদিলে জনসংখ্যা ৰোধ সম্পৰ্কে বিস্তৃত আলোচনা কৰে আৰু সমাজৰ দুখীয়া ল’ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি সমাজখন সৰ্বাংগ সুন্দৰ কৰিবলৈ আহ্বান জনায়। উচ্চ শিক্ষা লাভৰ জৰিয়তে নিজকে সংস্থাপিত কৰি যুৱক-যুৱতী সকলে পৰিয়াল তথা ঘৰখনৰ অভাৱ অনাটন দূৰ কৰি পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ লগতে দহজনকো সহায় কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে।বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভানেত্ৰী মানসী আদিলৰ নেতৃত্বত যোৱা দলটোত আছিল মঞ্চৰ সম্পাদিকা পাৰবীন হুছেইন,কোষাধ্যক্ষা মাজিদা আহমেদ, সহকাৰী সম্পাদিকা অনুৱাৰা বেগম,প্ৰচাৰ সম্পাদিকা মমী ৰহমান আৰু কাৰ্যকৰী সদস্য গিতালী বিষয়া। স্থানীয় ৰাইজে নৈয়ে ভঙা পৰিয়ালৰ বিধবা মহিলা সকললৈ পুহ মহীয়া জাৰৰ এই দিনত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে উপস্থিত হোৱা বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সদস্য সকলৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰে।