দায়িত্ব —  মঞ্জুষা শৰ্মা

pc-smu

 দায়িত্ব
পাৰিজাতহঁতৰ ঘৰখনত আজি এক উৎসৱ মুখৰ পৰিবেশ ৷নহ’বনো কিয় ?? পল্লব ভট্টৰ একমাত্ৰ সন্তান পাৰিজাতৰ (পৰী) এমাহৰ পিছতেই যে সেই নিৰ্দিষ্ট ল’ৰাজনৰ লগতেই বিয়াৰ দিন ঠিক হৈ গ’ল ৷ মাক – দেউতাক দুয়োজনেই নিজ কৰ্মজীৱনত সঞ্চয় কেৱল যেন এই বিশেষ দিনটোৰ বাবেই কৰিছিল ৷ সেয়ে তেওঁলোক বহুত সুখী আৰু পৃথিৱীৰ এনে এটা বস্তু নাই যিটো তেওঁলোকে তাইক নিদি থাকিব ৷ তাৰ সমান্তৰালকৈ পল্লব ভট্ট কন্যা বিচ্ছেদৰ দুখত জীৱন্তে মৃত যেন হৈ পৰিছে ৷ বিচ্ছেদ নহয়নো কি ? বিয়াৰ পিছতটো তাইক কোনো ক্ষেত্ৰতেই আৰু আগৰদৰে নাপায় ৷ তাইৰ খঙ – অভিমান থেহ পেচ আৰু তেওঁলোকৰ আদৰ যত্ন আদিবোৰতো জোৰোণৰ সময়ত নিজৰ কাপোৰ সাজ সলাই থোৱাৰ দৰে সেই সম্পৰ্কবোৰোতো অৰ্থহীন হৈ যায় ৷ তথাপিও তেওঁ এই দুখৰ তিলমানো আভাস যাতে কোনেও ধৰিব নোৱাৰে তাৰ বাবে সুন্দৰ অভিনয় কৰি গৈছে ৷
ইফালে পৰী নিজৰ কোঠাৰ বিছনাত পৰি ভাৱ সাগৰত বিভোৰ ৷ পিতৃৰ কলিজাৰ টুকুৰাৰ অন্তৰ কিহে দহিছে তাৰ সম্ভেদ ল’বলৈ যে কাৰো আহৰিয়েই নাই ৷ তাই আজি আচৰিত হৈ পৰিছে মানুহ জাতিটোৰ কথাই ভাবি ৷ কিয়নো মানুহ জাতিটো দিনক দিনে ইমানেই সলনি হৈ গ’ল যে কোনোৱেই কাকো বিশ্বাসত ল’বই নোৱাৰি ৷ তথাপিও এই বিয়া এক বিশ্বাসৰ বান্ধোন ৷ সকলোৱে খুব আনন্দ আৰু আশাৰে দুটি মনএটি হোৱাৰ আৰ্শীবাদ দিয়ে ৷ তাতে কোনোবাই জীৱনৰ নতুন যাত্ৰাত সুখী হৈ জয়ী হ’ব পাৰে ৷ আন কোনোবাই যেন জীৱনত জীয়াই থকাৰ মাদকতাই হেৰুৱাই পেলায় ৷ আন এচামে যেন নিজৰ অন্তৰৰ বেদনাৰ বহি প্ৰকাশ ঘটিব নোৱাৰাকৈ নিজৰ মতত ( খেয়ালী) থাকি জীৱনৰ বাটত খোজ মিলাই আগুৱাই যায় ৷ য’ত সুন্দৰভাৱে সকলো দায়িত্ব সুকলমে পালন কৰে ৷ এই ক্ষেত্ৰত তাই তাইৰ অতি মৰমৰ “তা“ লৈ অৰ্থাৎ দেউতাকলৈ মনত পৰি গ’ল ৷ যিজনে বহুতো দায়িত্ব সুকলমে পালন কৰিছে ৷ এফালে এজন উচ্চ পদস্থ চৰকাৰী বিষয়া হৈ এক গধুৰ দায়িত্ব পালন কৰাৰ সমানে সমানে এজন স্বামী হিচাপে , পুত্ৰ হিচাপ বাৰ্ধক্যৰ বাবে শৰ্যাগত হোৱা মাতৃৰ দায়িত্ব আৰু শেষত পিতৃ স্বৰূপে অতি আদৰৰ কন্যাৰ দায়িত্বও পালনত সফল হৈছে ৷ উচ্চ শিক্ষাৰ বাবে আদৰৰ কন্যা চকুৰ আঁতৰত যদিও ব্যস্ত কৰ্ম জীৱনৰ মাজতে তাইক উৎসাহ আৰু সাহস দিয়াৰ দৰে কৰ্মক্ষেত্ৰত যাক যেনেদৰে পাৰে হাঁহিমুখে সহায় কৰি আহে ৷ হঠাতে পৰীৰ সেইদিনটোলৈ মনত পৰি গ’ল যি দিনা ক’ৰণাৰ বাবে দেশৰ বাহিৰত থকা সকলোকে নিজৰ দেশলৈ ঘূৰি আহিবলৈ বাধ্য কৰাইছিল সেইদিনা তাই অহাৰ খবৰটো ফোন বা মেছেজ কৰি পিতৃক জনাবলৈ থাকি গ’ল ৷ কৰ্মত ব্যস্ত হৈ থাকোতে যেতিয়া গম পালে যে পৰী আহি বাছ ষ্টেণ্ডত ৰৈ আছেহি তেতিয়া তেওঁৰ খঙ উঠিল ৷ কাৰণ তেওঁ এঘণ্টাৰ পিছতহে জীয়েকৰ ওচৰ পাবগৈ ৷ তথাপিও সদায় কৰ্মক্ষেত্ৰত নিজকে উচ্চ স্থানত ৰখাৰ বাবে আজি বিনা বাধাই সময়তকৈ আগতেই গাড়ীলৈ ওলাই আহিল ৷ নিজৰ জীৱনক তুচ্ছ কৰি প্ৰাণৰ পুতলাক আনিবলৈ যাওঁতে অজানিতে মৰমৰ গাড়ীখন ঘূণীয়াহৈ পৰাতো আজি কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল ৷ ঠিক সেই একেদৰে এই মহামাৰীৰ অতি ব্যস্ততাৰ মাজত যেতিয়া নিজ মাতৃয়ে অনন্তধামলৈ গতি কৰিলে তেতিয়াও তেওঁলৈ অহা ফোনটো তুলি ধৰি “মোৰ মাৰ মৃত্যু হৈছে মই শ্মশানত আছো বেয়া নাপাব বুলি কৈ নিজৰ ব্যক্তিত্ব আৰু দায়িত্বৰ সুন্দৰ প্ৰকাশ ঘটাইছিল ৷ তাৰোপৰি কৰ্ম ব্যস্ততাৰ মাজত আহাৰ খাবলৈ ক’লে ধেমালি কৰি কয় গাড়ীটো তেল সঘনাই ভৰাই নাথাকে ৷ এইবোৰে সময়হে নষ্ট কৰে ৷ মই যেতিয়া তেনে এজন মহান ব্যক্তিৰ সন্তান তেন্তে ময়ো মোৰ সকলো দায়িত্ব সুন্দৰ ভাৱে পালন কৰি জীৱনটো সুখৰ কৰি তুলিব পাৰিম ৷ আচলতে প্ৰতিজন পিতৃয়েই যদি “তা“ তোমাৰ দৰেই হয় তেন্তে পৃথিৱীৰ প্ৰতিটো সন্তানেই নিজৰ মহান পিতৃৰ উজ্জ্বল জ্যোতিৰে নিজকে উদ্ভাসিত কৰি তুলিব পাৰিব ৷ যাৰ বাবে এই পৃথিৱীৰ পৰা সকলো ধৰণৰ বেমেজালি , অশান্তি , সমাজৰ যি বিষবাষ্প সকলো নাইকিয়া হৈ এখন সুন্দৰ পৃথিৱী গঢ় লৈ উঠিব ৷ মাকৰ মাতত পৰী সাৰ পাই উঠি বহিল আৰু তেতিয়াহে গম পালে যে ইমান সময়ে তাই সপোন ৰাজ্যতহে আছিল ৷

মঞ্জুষা শৰ্মা