দক্ষিণ কামৰূপত মৃত্যুদুতৰূপী ডাম্পাৰৰ তাণ্ডৱ

দক্ষিণ কামৰূপত মৃত্যুদুতৰূপী ডাম্পাৰৰ তাণ্ডৱ 

কুম্ভকৰ্ণৰ নিদ্ৰাত আইন- কানুন প্ৰশাসন

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- আইমাতৃ প্ৰকৃতিৰ বুকু আজি আচুঁৰি প্ৰকৃতি ধ্বংসযজ্ঞৰ আয়োজন ৷ সন্ধিয়া হ’লে বুকু কপি উঠা শিহৰিত দৃশ্য দৃশ্যমান দক্ষিণ কামৰূপ অঞ্চলত ৷ মাটি,বালি,ভূমি,শিলৰ চিণ্ডিকেটৰ ৰম্যভূমি দক্ষিণ কামৰূপ অঞ্চল, নিৰ্বিকাৰ ভূমিকা চৰকাৰৰ,প্ৰশাসনৰ ৷ বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চল বৰ্তমান মহানগৰীৰ সম্প্ৰসাৰণৰ অন্তৰ্গত পৰিধিত অন্তভুৰ্ক্ত হোৱাটোৱেই অভিশাপ নে আশীৰ্বাদ ৷ এই অঞ্চলৰ চৌপাশে চকু ফুৰালে দেখিবলৈ পোৱা যায় নতুনকৈ নিৰ্মীয়মাণ হৈ থকা বৃহৎ উদ্যোগ- প্ৰতিষ্ঠানৰ বৃহৎকায় নিৰ্মাণকাৰ্য্য ৷ এয়া উন্নয়ন নে প্ৰকৃতিৰ সৃষ্ট পাহাৰ,ভূমি,নদ-নদী,জলাশয়,গছবন,জংঘল ধ্বংস কৰি মানৱজাতিটোক নিশেষ কৰাৰ আয়োজন ৷ দক্ষিণ কামৰূপৰ ৰাইজ আজি অসচেতন,পানীৰ দৰত কৃষিভূমি সমূহ বহিৰাগত বনিক গোষ্ঠীক হস্তগত কৰাৰ ফল এতিয়া সাধাৰণ নিৰীহ শ্ৰেণীয়ে নিজস্ব প্ৰাণ বলিদান দি বিনিময় পৰিশোধ কৰিব লগা হৈছে ৷ দক্ষিণ কামৰূপ অঞ্চলৰ ৰাইজৰ অসচেতনতাৰেই যেন সুযোগ লৈ অমানৱীয় কৰ্মৰাজিত ন্যস্ত আসুৰিক মনোবৃত্তিৰ তথাকথিত কিছুমান অৰ্থলোভী দল-সংগঠন,নেতা- পালিনেতা ৷ কি শাসকদল, কিম্বা বিৰোধী দল সকলোৱে এতিয়া ব্যস্ত লুণ্ঠনৰাজ লুটপাটত ৷ নিয়ন্ত্ৰণহীন হৈ পৰিছে দক্ষিণ কামৰূপৰ সমাজব্যৱস্থা ৷ এফালে দুখীয়া- নিছলাৰ কান্দোনৰ আৰ্তনাদ আনহাতে ধনী শ্ৰেণীয়ে কুটিল কুবুদ্ধিৰে অভিসন্ধি ৰচনা কৰি সহজলভ্যে মোকলাই লৈছে ধনসম্পত্তি ঘটাৰ বাটপথ ৷ বিগত সময়চোৱাত বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলত মৃত্যুদুত ৰূপী ডাম্পাৰৰ খুন্দাত নিহত হৈছে বহু কেইজন লোক ৷ সন্ধিয়া হ’লে ৰাজপথত এক অঘোষিত প্ৰতিযোগিতাৰ আৰম্ভণি হয় এই মৃত্যুদুতৰূপী ডাম্পাৰ সমূহৰ,ৰজা- মহাৰজাৰ বলত বলীয়ান আইন-কানুন, নীতিনিয়ম উলংঘা কৰি ৰাজপথত চলাই গৈছে তাণ্ডৱ ৷ গৰু-ছাগলী,কুকুৰ-মেকুৰী দৰে মানুহৰ নিথৰ দেহ পৰি ৰৈছে মৃত্যুদুতৰূপী ডাম্পাৰবোৰৰ চকাৰ তলত ৷ কিন্তু ন্যায় নেপায় দূৰ্ভগীয়া অসহায় জনতাই ৷ এই অৰাজকতা,তাণ্ডৱৰ কেতিয়াবা হবনে অৱসান উত্তৰ বিচাৰি দক্ষিণ কামৰূপৰ জনসাধাৰণৰ হাইৰাণ ৷ কি বণবিভাগ,কি চৰকাৰ,আৰক্ষী প্ৰশাসন তথা উচ্চ পদস্থ বিষয়ববীয়া সকলোৱে ব্যৰ্থ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৷ দক্ষিণ কামৰূপৰ ৰাইজে যদি মাৰবান্ধি ওলাই নাহে তেতিয়া হ’লে সমূলি বিনাশ হোৱাৰ দিশে দক্ষিণ কামৰূপৰ জাতি,মাটি আৰু ভেটি ৷ অতিশীঘ্ৰে যদি এই অবৈধ বালি, অবৈধশিল,মাটিৰ খননৰ চিণ্ডিকেটৰাজক নাকি লগাব পৰা নেযায় তেতিয়া হ’লে মহাবিনাশ হোৱাতো একপ্ৰকাৰে নিশ্চিত ৷