দক্ষিণ আফ্ৰিকাত বানপানীৰ ফলত মৃত্যুৰ সংখ্যা ৪৪৩ লৈ বৃদ্ধি

দক্ষিণ আফ্ৰিকাত বানপানীৰ ফলত মৃত্যুৰ সংখ্যা ৪৪৩ লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ আফ্ৰিকাৰ কোৱাজুলু-নাটাল প্ৰদেশত বানপানীৰ ফলত নিহতৰ সংখ্যা ৪৪৩ লৈ বৃদ্ধি পাইছে, প্ৰাদেশিক প্ৰধানমন্ত্ৰীয়ে কয়। কমেও ৬৩ জন লোক সন্ধানহীন হৈ আছে। বানপানীৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে, বিদ্যুৎ আৰু পানীসেৱা প্ৰত্যাহাৰ কৰিছে আৰু আফ্ৰিকাৰ অন্যতম ব্যস্ত বন্দৰ ডাৰ্বান বন্দৰত কাৰ্যকলাপ ব্যাহত হৈছে।