ত্ৰিৰংগা – ছেলিমা বেগম

Pc- pexels
ত্ৰিৰংগা
ছেলিমা বেগম
নগাঁও
 খুবেই সুন্দৰ                 আমাৰ ত্ৰিৰংগা
তিনিটা ৰং হানি
 মুক্ত  আকাশত             নাচিছে পতাকা
এই কথা আমি জানি।
         ওপৰে গেৰুৱা                  মাজত বগা হৈ
আছে আমাৰ মাজত
বগাৰ মাজত              অশোকৰ চক্ৰ
গেৰুৱা যে ওপৰত।
ঘৰে ঘৰে উৰে          ত্ৰিৰংগা পতাকা
ধনী দুখীয়া যে নাই
সকলো  থাকিব       উৰিব  পতাকা
হিন্দু, মুছলিম নাই ।
পৱিত্ৰ ভূমিত            উৰিব পতাকা
গৌৰৱ কৰি  থাকিম
ত্ৰিৰংগা তলত              হাতত থাকিব
মুখে  শ্লোগান থাকিব ।
 বন্দেমাতৰম               বন্দেমাতৰম
জয় জয় কৈ থাকিব
আমাৰ পতাকা            উত্তোলন কৰি
শান্তি বজাই ৰাখিম ।