ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-    ত্ৰিপল মাৰ্ডাৰ কেছৰ বুজ ল’বলৈ গোলাঘাটত গৈ উপস্থিত হয় গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব  শৰ্মাই পৰিয়ালটোৰ একমাত্ৰ জীৱিত সদস্য অংকিতা ঘোষৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে। সমগ্ৰ ঘটনাৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীয়ে কয় যে ১৫ দিনৰ ভিতৰত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব। ক্ষীপ্ৰ গতিত চলিছে ঘটনাৰ তদন্ত। দোষীয়ে উচিত শাস্তি পাব। ফাষ্ট ট্ৰেক আদালতত হ’ব ঘটনাৰ বিচাৰ। নিয়োগ কৰা হ’ব বিশেষ চৰকাৰী অধিবক্তা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘সংঘমিত্ৰাক ড্ৰাগছ দিয়াৰ ঘটনাৰ তদন্ত হ’ব লাগিছিল। তদন্তকাৰী বিষয়া সঞ্জীৱ সান্যালে তদন্তত গাফিলতি কৰিছিল। তেতিয়াই তদন্ত কৰা হ’লে ইমানখিনি নহ’লহেঁতেন।’’