তোমাৰ মমতাৰ উশাহত- মাধুৰী শৰ্মা সভাপণ্ডিত

Pc the creative cafe

তোমাৰ মমতাৰ উশাহত
———
তোমাৰ মমতাৰ
প্ৰতিটো উশাহত
খৰিকাজাইৰ সুবাস।
আউল লগা কথাৰ জঁট আঁতৰাই
তুমিয়ে কৰা উমাল।
উজুটিত সৰি পৰো
অনাদৰত কৰ্ফাল খাওঁ।
তুমি সনাতন হৈ
সাবটি লোৱা মোক।
মেঘৰ শতদল তুমি
জুৰিৰ শব্দ তুমি
পল অনুপল হেঁপাহ তুমি।
তুমি নহলে নিৰন্ধ্ৰ আন্ধাৰ
নিৰন্তৰ শোক।
তুমি এনেকৈয়ে বাঙ্ময় প্ৰত্যয় হৈ থাকা
বুকুত লৈ কাঁচিয়লি সপোন।

মাধুৰী শৰ্মা সভাপণ্ডিত