তোমাৰ বাবে – সমুজ্জ্বল ডেকা

PC - Sharp Health Care
তোমাৰ বাবে
সমুজ্জ্বল ডেকা, ৰঙিয়া
দুহাত মেলি ৰৈ আছোঁ
তোমাৰ সান্নিধ্যত
বৰষুণৰ টোপালত
জীপাল হʼবলৈ।
শব্দ বৰষে হৃদয়তে
সংগোপনে সঘনে সঘনে।
মেঘৰ গৰ্জনিত আকাশে কান্দে,
ৰʼদে আকৌ মিচিকিয়াই হাঁহে।
জোনাকৰে এটি ৰাতি
কবিতা লিখিছোঁ তোমালৈ।
ভালপোৱাৰ ষ্টেচনলৈ
গৈ আহিবা তুমি
মৰমৰ ডবাত উঠিবলৈ।