তেজৰ ৰং — ৰাজলক্ষ্মী বৰঠাকুৰ,গোলাঘাট

তেজৰ ৰং

কেইবাদিনো ধৰি বিকাশক লগ নেপাই আৰু ফোনেৰেও যোগাযোগ কৰিব নোৱাৰি ফৰিদে বিকাশৰ ঘৰলৈকে ওলাই আহিল। ঘৰলৈ আহি বিকাশক মন মাৰি থকা দেখি ফৰিদে সুধিলে তোক বহুত দিন হল লগ পোৱা নাই কিয় এনেকৈ মন মাৰি বহি আছ। সি ফৰিদক বহিবলৈ দি কলে আজি কেইবাদিনো হল মাৰ গা ভাল নহয়, চিকিৎসকে কৈছে মাৰ গাত তেজৰ পৰিমাণ কম তেজ দিব লাগিব ভাল দৰে খোৱাত গুৰুত্ব দিব কৈছে।তইতো আমাৰ অৱস্থাৰ কথা জানই দেউতাৰ মৃত্যুৰ পিছত মাইয়ে কেনেদৰে চম্ভালি আছে মই ডাঙৰ হোৱাৰ পৰা দুইএটা টিউশন কৰি পঢ়া -খৰচ ওলিয়াইছো। মাৰ অবিহনে আমাৰ ভাই -ভনী দুয়োটাৰ কি হব মাৰ চিকিৎসা কৰিবলে হাতত পইচা নাই। তাৰ কথা শুনি ফৰিদে কলে বল চোন খুড়ীৰ ওচৰলৈ যাও সি ভিতৰলৈ আহি বিকাশৰ মাকৰ ওচৰতে বহিল।বিকাশক কলে খুড়ীক চিকিৎসা লয়লৈ লৈ যাওঁ বল আৰু তেজ দিয়াৰ ব্যবস্থা মই কৰিম। সি ঘৰখনৰ সেমেকা পৰিবেশটো আঁতৰাবলৈ বিকাশৰ মাকক হাঁহি মাৰি সুধিলে খুড়ীক বাৰু তেজ মইয়ে দিম পিছে মুছলমানৰ তেজ খুড়ীয়ে আকৌ লয় নে নলয়।বিকাশৰ মাকে কলে ফৰিদ তুমি কি কথা কৈছা তেজৰ ৰং সকলোৰে একে ৰঙা,কোনা কাৰ লিখা নাথাকে এইবোৰ আমাৰ মানুহৰ হে সৃষ্টি। ভগৱানৰ ওচৰত সকলো সমান তুমি তেজ দিলে মই ভালহে পাম। মাকৰ কথা শুনি দুয়োটাই মনতে বৰ ভাল পালে আৰু আনন্দতে দুয়োটাই ইটোৱে -সিটোক সাবটি ধৰিলে।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট