তেওঁৰ বাবে- ববিতা বৰা

Pc Iloveyou.xyz

তেওঁৰ বাবে

পৰি যাওঁ বুলি তেওঁৰ প্ৰেমত পৰা নাছিলো। বৰঞ্চ মই প্ৰেমৰ নামেই দিব নোখোজো তেওঁৰ প্ৰতি থকা মোৰ আন্তৰিকতাখিনিক। তেওঁক মোৰ কিবা এটা ভাল লাগে।  তেওঁৰ ব্যক্তিত্ব টো মোৰ ভাল লাগে।ভাল লাগে তেওঁৰ উচ্চাৰিত প্ৰতিটো শব্দ,লাজুক চাৱনি আৰু যে ক’ত কি।মই, আৰৰঁ পৰা মই তেওঁক চাওঁ, তেওঁক এইবিষয়ে ঘূনাক্ষৰেও জানিবলৈ নিদিওঁ। মই একো প্ৰত্যুত্তৰ নিবিচাৰো তেওঁৰ পৰা কাৰণ,প্ৰত্যুত্তৰ পাব পৰাকৈ একো সম্বন্ধ বা সম্পৰ্কৰ কথা মই কেতিয়াও নাভাৱো।ই সপোনৰ অগোচৰ। তথাপি, এই অনুভৱ মোৰ খুউব প্ৰিয়।লগৰবোৰে কয়,’তই গোলপীয়া হৈ পৰ তাৰ কথা কʼলেই।’সচাঁকৈয়ে,কাৰোবাৰ নাম শুনিলেই লাজত গোলপীয়া হৈ পৰাটোত কিম্মান যে লুকাই থাকে আৱেগ।….তেওঁ আনৰ,অন্যৰ মইও। বেইমানী কৰাৰ অপৰাধ মই নকৰো।নিজৰ ভাল লগাটো পাবলৈ মই ভালপোৱাজনক কুঠাঘাত কৰিব নোৱাৰো। তথাপি,হৃদয়খনে কেতিয়াবা অকলে হাহিঁব খুজে,মুক্ত মনে উৰিবলৈ খুজে মনৰ আকাশত,চুই চাব খুজে ভাল লগাবোৰক বিনা স্পৰ্শৰে…ই কোনো চঞ্চলতা বা চপলতাৰ লক্ষণ বুলি মই নাভাৱো। মই দূৰৈৰ পৰাই মোৰ মনাকাশত কিছুমান কল্পনা কৰি সুখী থাকোঁ,নিজকে সজাই তুলো।ক’বলৈ গ’লে মই হেনো ‘গ্ল’ কৰো। মই তেওঁক পোৱাৰ ইচ্ছা নাই,নকৰো..অথচ তেওঁৰ ফটোবোৰ ওচৰৰ পৰা ঝুম কৰি চাওঁ মই, তেওঁৰ হাহিঁটো মোৰ প্ৰিয়। সৰ্তক হ’বলৈ যত্ন কৰো যদিও তেওঁৰ উপস্থিতিত থৰক বৰক হৈ পৰে মোৰ শব্দৰ সম্ভাৰ।কি কৈছো,কি নাই..হিচাপ নাথাকে। যাৰ সান্নিধ্যত এটা positive vibes অনুভৱ কৰিব পাৰি, তেওঁক বেয়াপোৱাৰ কথাই নুঠে।  জোনৰ শীতলতাই মনত শান্তি দিয়াৰ দৰেই তেওঁ ও ঠিক একেই। মোৰ আকাশত তেওঁ জোন হৈ থাওঁক আৰু দূৰৰ পৰাই মই প্ৰশান্তি লভিম বুলিয়েই মই তেওঁৰ অনুৰাগী।। মই বেইমান কাহানিও নাছিলো,আজিও নহয়। ক্ষন্তেকৰ বাবে নিজৰ কথা ভাৱি নিজকে সুখী ৰখাটো স্বাৰ্থপৰতা আছে বুলি মই নাভাৱো। মাথো তেওঁৰ উপস্থিতিত মই নিজকে সজাই ভাল পাওঁ তাতোকৈ বেছি একো নাভাৱো মই। সকলোতকৈ ডাঙৰ কথা, তেওঁক কোনোদিনে জানিবলৈ নিদিওঁ মই জোনৰ শীতলতাত পোৱা মানসিক শান্তিৰ কথা..কথাবোৰ কথা হৈয়েই ৰওঁ। তেওঁ হয়তো কাৰোবাৰ হাতত ধৰি আগবাঢ়ি যাব,আৰু মইও।এদিন তেওঁ মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যাব,সেইদিনাই শেষ হৈ যাব তেওঁৰ শীতলতাৰ পৰিসীমা…।আৰু মইও ব্যস্ত হৈ পৰিম মোৰ অন্যব্যস্ত জীৱনৰ লগত..আগৰদৰেই,এতিয়াৰ দৰেই,সদায়েই।

ববিতা বৰা