তেওঁলোক গ’লগৈ
পুলিন ডেকা
তেওঁলোক গ’লগৈ উভতি অহা বাটেৰে
ক’ত সপোনবুলীয়া শৰতে অহা-যোৱা কৰিছে
জীর্ণ স্মৃতিত আলোড়িত এই পথটোৰে
এতিয়া ইয়াত বুৰ যোৱা তেজত দেখোঁ
কলিজাৰ কেঁচা গোন্ধ
তলসৰা পাতৰ সেউজ ক্ষুধা
কিমান দেখিলোঁ বাটৰ কাষৰ কঁচুৱনিডৰাৰ
চকুত শুকোৱা বতৰৰ যন্ত্ৰৱৎ যন্ত্রণা
তেওঁলোক পুনৰ ক’লৈ যাব পাৰে?
ক’লা ঘুমুটিত নিদ্রায়িত বৰ্ষাত
যোৱাবেলি ইয়াত বাজি উঠিছিল এখন অৰণ্যৰ
হিমায়িত গান
ৰাতিৰ ভগ্ন শৰীৰত বগাই সিহঁতে এদিন
ইয়ালৈ আহিছিল, তাৰ পিছত কিছুদূৰ খোজকাঢ়ি
তেজপিয়াজনীৰ বুকু পখালি জিৰাইছিল
পাতত ওলমি থকা চৰাইজনীৰ ডেউকাত
আছেনে এতিয়াও ক’ৰবাত নিৰ্লভ গোন্ধত
ডকমকাই থকা হালধীয়া সপোন
দুপৰীয়াৰ জোনাকৰ পাতত মই খান্দি আছোঁ
গোলাপৰ কবৰ
আত্মাৰ কবৰ।