তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত অভিলেখ সংখ্যক ভোটদান

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত অভিলেখ সংখ্যক ভোটদান

ৰঙিলী বাৰ্ত্তাসেৱা-  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত অভিলেখসংখ্যক ভোটদান। তৃতীয় পৰ্যায়ত ৮১.৬১ শতাংশ ভোটদানৰ হাৰেেৰ দেশৰ ভিতৰতে শীৰ্ষত অসম।  তৃতীয় তথা অন্তিম পৰ্যায়ত অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ধুবুৰী সমষ্টিত সৰ্বাধিক ৯২.৬৮ শতাংশ ভোটদান সাব্যস্ত হয়। ইয়াৰ লগতে গুৱাহাটীতো অভিলেখসংখ্যক ৭৫.৬৭ শতাংশ ভোটদান হয়। বৰপেটা সমষ্টিত ৮২.২ শতাংশ ভোটদান হোৱাৰ লগতে কোকৰাঝাৰত ভোটদানৰ হাৰ ৮০.৪৪ শতাংশ। ইফালে, তৃতীয় পৰ্যায়ত বিহাৰত ভোটদানৰ হাৰ ৫৮.১৮ শতাংশ। ছত্তীশগড়ত ভোটদানৰ হাৰ ৭১.০৬ শতাংশ, গোৱাত ৭৫.২০ শতাংশ, গুজৰাটত ভোটদানৰ হাৰ ৫৮.৯৮ শতাংশ। একেদৰে কৰ্ণাটকত ভোটদানৰ হাৰ ৭০.৪১ শতাংশ, মধ্য প্ৰদেশত ভোটদানৰ হাৰ ৬৬.০৫ শতাংশ, মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৬১.৪৪ শতাংশ, উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ ৫৭.৩৪ শতাংশ আৰু পশ্চিম বংগত ভোটদানৰ হাৰ ৭৫.৭৯ শতাংশ।উল্লেখযোগ্য যে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে অসমত সামগ্ৰিকভাৱে অন্ত পৰে লোকসভা নিৰ্বাচন।