তুমি
ৰাজ গগৈ
তুমি মোৰ জীৱনৰ আৱেগ, অনুভূতি আৰু মোৰ স্বভিমান !
তুমিয়ে মাথোঁ মোৰ জীৱনৰ একমাত্ৰ অনুৰাগী।
তোমাৰ নামতে বিলীন আজি মোৰ এই ক্ষান্ত হৃদয়;
শয়নে সপোনে মাথোঁ তোমাৰেই প্ৰতিচ্ছবি
ভাঁহি থাকে মোৰ এই চকুযোৰিত ।
এইয়া হয়তু মোৰ হৃদয়ত তোমাৰ প্ৰতি জন্মা অজস্ৰ ভালপোৱা।
আৰু কি জানা তোমাৰ সেই মুখখনি ঠিক ৰাতি আকাশত
ওলোৱা জোনটিৰ দৰে আৰু তোমাৰ সেই নয়ন ভৰা চকুযোৰি
যে ৰাতি আকাশত তিৰবিৰাই থকা তৰাটি দৰে !
কি যে মৰমিয়াল তোমাৰ এই মুখ খনি;
চালে নয়ন ভৰাই চাই থাকিব মন যায়।
তোমাৰ সুন্দযৰ্তা আজি মই কি দৰে
ব্যক্ত কৰোঁ একো ভাবি এই পোৱা নাই !
সঁচা কথা কবলৈ গলে তোমাৰ সুন্দযৰ্তা
ব্যক্ত কৰিবলেই আজি মোৰ ওচৰত শব্দ অভাৱ !
আজি মোৰ লগত শব্দয়েও যে লুকা- ভাকো খেলিব ধৰিছে।
হয়তু তোমাৰ সুন্দযৰ্তা ব্যক্ত কৰিবলৈ আজি শব্দয়েও লাজ কৰিছে !
অৱশেষত এটি কথাকে ব্যক্ত কৰিব পাৰিম যে,
যি দৰে নৈ পানী বৈয় গৈ সাগৰ লগত বিলীন হৈ যায়,
ঠিক সেই দৰে মোৰ হৃদয়ত তোমাৰ
প্ৰতি থকা অজস্ৰ ভালপোৱাও
তোমাৰ নামতেই বিলীন হৈ লব।।