তুমি সোণাৰু হৈ ফুলিছা মোৰ হৃদয়ত…
এতিয়া সোণাৰু হৈ তুমি গজিছা
মোৰ হৃদয়খনক হালধীয়া কৰি
চপৰা চপৰাকৈ মৰমবোৰ খহাই নি
আধালিখা দস্তাবেজৰ জোৰা টাপলি মাৰি
শূন্যতাৰ অংক পূৰাবলৈ।
বীজগণিতৰ সূত্র নহয় দে
তোৰ দুচকুত কাৰাচাজি মাৰি
আপোনসত্ত্বৰ নীলা চিয়াঁহী বিচাৰি ফুঁৰিবলৈ
কল্পনাৰ সাগৰত ডুবাই ৰাখি
চঞ্চলতাৰ মনটো স্থিৰ কৰি
তোৰ আশাত চেঁচাপানী ঢালিবলৈ।
তুমি সোণাৰু হৈ ফুলিছা যেতিয়া
ফুলি থাকক মোৰ হৃদয়ত
হেঁপাহৰ আৱেগৰ পৰশত
জী উঠক এটি সেউজ সেউজ
লগা ভাৱনা।
নন্দেশ্বৰ মিলি