তুমি আহিবা নে?- পদ্ম শঙ্কৰ চৌধুৰী

pc Unsplash

তুমি আহিবা নে?

পদ্ম শঙ্কৰ চৌধুৰী

তুমি জানো আহিবা,
মোৰ ‌মণিকোঠাত ৰং বোলাবলৈ?
ৰঙা,নীলা আৰু হালধীয়া ৰংবোৰ,
মই সযতনে ৰাখিছোঁ হৃদয় তলিত।
তোমাৰ আলসুৱা হাতৰ পৰশত
ৰঙীণ হৈ উঠিব মোৰ হিয়াখনি।
ব্যাকুলতা ভৰা হৃদয় তন্ত্ৰি
প্ৰাণ পাই উঠিব তোমাৰ মধুৰ পৰশত।
ৰঙা নীলা, হালধীয়া ৰংবোৰৰ
সংমিশ্ৰণৰ ভিন্নতাত
ৰামধেনুৰ ৰং জিলিকি উঠিব
মোৰ মানস কুঞ্জত।
তুমি আহিবা নে?
স্বপ্নাতুৰ মই।
তোমাক দিয়া বীণখনি,
আনিবলৈ নাপাহৰিবা দেই
তাত বহু দিন হ’ল হাত নুবুলোৱা।
যতনে ৰাখিছা নহয়?
তাঁৰকিডাল ঠিকে আছেতো?
তুমি গোৱা গানৰ কলিটি
“প্ৰেম জনমে জনমে*
ৰিনি যিনি বাজি থাকে
মোৰ কৰ্ণকুটিৰত।
তুমি আহিবা নে?

(আজি গুৱাহাটী লৈ আহি থাকোঁতে লিখা)
ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ)