তুমি আছা মোৰ হৃদয়তে – আয়নাল হক

PC - Adobe Stock
তুমি আছা মোৰ হৃদয়তে
আয়নাল হক,ধুবুৰী 
বৰ্ষণমুখৰ এটি সন্ধিয়া…!
তোমালৈ কৰা আকুল প্ৰতীক্ষা দেখি
জোনাকে বৰষুণ ঠেলিও
সোমাই আহিছিল মোৰ খিৰিকীৰ ফাঁকেৰে।
টুপ্ টুপ্ নুপূৰ সদৃশ শব্দবোৰৰ মাজতো
বুকুত অহৰ্নিশে বাজি আছিল
তোমাৰ সুকোমল পদধ্বনি।
দুচকুৰ পতাত
তন্দ্ৰালু আৱেশৰ আতিশয্য…!
জুৰুলি-জুপুৰি হৈ আহিবা বুলি
শীতাৰৰ উমেৰে ৰূমটো কৰিলোঁ উমাল,
বগা ছাতিটো লৈ আহিবা নেকি
জোনাক সিঁচি সিঁচি…!
শেতেলিৰ সপোনবোৰক দুহাতে খামুচি
গুণ্ গুণাই আছোঁ তোমাৰেই প্ৰিয় গীত।
বাঢ়ি অহা বৰষুণজাকলৈ চাই ভাবিলোঁ
তুমি আহিব নোৱাৰিবা চাগে…।
কোনো কথা নাই
নন্দন-কাননৰ শুকুলা পৰী হৈ
তুমিতো সদায় আছা মোৰ হৃদয়তে…!
ক্ৰিং ক্ৰিং
:পৰী, কোৱা…
: আজি নাযাওঁ দিয়া
 অভিমান নকৰিবা।
: উ…ম, হ’ব দিয়া
 তোমাৰ সুবাসেৰে আজিৰ সন্ধিয়া
ৰোমাঞ্চিত হ’ল কেতিয়াবাই…!
বৰষুণৰ গীতটো গাবা নেকি পৰী?
বৰ্ষণমুখৰ সন্ধিয়াটিয়ে উপভোগ কৰক
তোমাৰ অশৰীৰি উপস্থিতি…।