তুমি অহাৰ বাটত – জীছান হাজৰিকা

তুমি অহাৰ বাটত

জীছান হাজৰিকা

সময় পৃষ্ঠাৰ ভাজত নিশব্দে
মচ খাবৰ হ’ল কবিতাৰ শব্দবোৰ..
তুমি আহি পোৱাই নাই,
তোমালৈ বুলি থোৱা গোলাপ পাহিৰ
গাত তোমাৰ অপেক্ষাই কলা দাগৰ আভৰণ পিন্ধালে..
তুমি আহি পোৱাই নাই ।
ৰিচা বৰা ,
তুমিটো নাজানা
যেতিয়া আধালিখা চিঠি বোৰে তোমাৰ
ঠিকনা বিচাৰি হাহাকাৰ কৰে ,
যেতিয়া তোমাৰ চকুৰ কাজলেৰে
অঁকা সপোন ছবি বোৰে
মাজে মাজে নিষ্প্ৰাণ হৈ
যাব ধৰে ..
মই বাৰু কি বুলি আশ্বাস দিও সিহঁতক?
কেতিয়ালৈ তুমি আহিবা বুলি কওঁ ?
কিন্তু যেতিয়া
প্ৰতিশ্ৰুতিবোৰৰ সিপাৰে তোমাক দেখো
প্ৰতিটো নতুন দিনে
তুমি অহাৰ প্ৰত্যাশা জগাই তোলে..
মোৰ সজল চকুজুৰি
মচি দিবলৈ তুমি জানো নাহিবা ..
আহিবা
ৰিচা বৰা
তুমি সোনকালে আহিবা ..।