তিনিশ পয়ষষ্ঠিটা
যুগান্ত দাস, ভৱানীপুৰ, বৰপেটা
তিনিশ পয়ষষ্ঠিটা তেজাল ৰাতিৰ মৃত্যুৰ
বদৌলত এটা ডাহেচীয়া পুৱা
নতুন আশা, নতুন হেঁপাহ, নতুন উদ্দমৰ ।
কোৰে কটা ভৰি, খৰে খোৱা দুগাল
প্ৰতিদিন প্ৰতাৰণাৰ ঋতুকালীন উৎসৱ
প্ৰতি ৰাতি বেশ্যাৰ শৰীৰত
আভিজাত্যৰ আত্ম সমৰ্পন ।
তিনিশ পয়ষষ্ঠিটা ভোকৰ আবেলি
তিনি আলি অথবা চাৰি আলি
সকলোতে কেৱল আত্মজাহৰ বুৰঞ্জী ।
তিনিশ পয়ষষ্ঠিটা উজুটি
পাগলা পানীত
জীৱনৰ ৰঙীন স্বপ্ন
পদপথত গৰ্ভৱতী পাগলীৰ গৰ্ভপাত ।
তিনিশ পয়ষষ্ঠিটা চিঞৰ
প্ৰতিটো চিঞৰত শেষত
সিঁহৰিত শৰীৰত
লিপিত খাই ধৰে দুৰ্ভিক্ষ ঋতুৰ
চেপা বিননি ।
তিনিশ পয়ষষ্ঠিটা কবৰৰ
তিনিশ পয়ষষ্ঠিটা আত্মাৰ
প্ৰলাপে শ্মশানত আঁকে
জীৱনৰ ছাইৰঙী কেনভাচ ।
তিনিশ পয়ষষ্ঠিটা দোকমোকালি
ৰ’দঘাই মানুহৰ
শ্ৰমৰ বুৰঞ্জী,
তিনিশ পয়ষষ্ঠিটা উশাহৰ মৃত্যুৱে
জীৱনৰ পৰিপক্ক ইতিহাসৰ পাতনি ।