তিতাবৰত শোকাৱহ ঘটনা

Pc the janambhumi

তিতাবৰত শোকাৱহ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  তিতাবৰৰ খৰিকটীয়া ষ্টেচনৰ সমীপত শোকাৱহ ঘটনা।নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত পোৱালিসহ বন্যহস্তীৰ মৃত্যু।নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ খনে হাতীজনি আৰু পোৱালিটোক খুন্দিয়াই প্ৰায় ২০০ মিটাৰ ধৰি চোঁচৰাই নিলে।ৰে’লখনৰ খুন্দাত এক বছৰীয়া হাতী পোৱালিটো থিতাতে নিহত হয় যদিও ৬ ঘণ্টা ধৰি চটফটাই থাকি মাতৃৰো মৃত্যু হয়।ৰে’লৰ খুন্দাত মৃত্যু হোৱা হাতী পোৱালিৰ কাষত স্থানীয় ৰাইজৰ পূজা-অৰ্চনা কৰে।খবৰটো পোৱাৰ পাছতে ঘটনা স্থলীত উপস্থিত বন বিভাগৰ লগতে ৰেল আৰক্ষীৰ লোক সকল আহি উপস্থিত হয়।বন বিভাগে আগতীয়াকৈ হাতীৰ খবৰ দিছিল ৰে’ল বিভাগক।কিন্তু ৰে’লৰ চালকে গতি গম নকৰাৰ অভিযোগ বন বিভাগৰ।যাৰ ফলত অতি কৰুণভাৱে মৃত্যু হয় দুটাকৈ হাতীৰ।