তাহানিৰ দিনৰ সোঁৱৰণী
দিপ্তী মনি গোস্বামী
লখিমপুৰ
বিহু বহাগ সেউজী অসমৰ ভূমি
উৰ্বৰতাৰ প্ৰতীক পটভূমি,
নাঙলৰ বিহু বহাগৰ পঞ্চম দিন জানি
ধুই পখালে ভড়ালৰ চাঙৰ নাঙল জুঁৱলি খনি।
জেঠৰ আগমনত নাঙলৰ প্ৰেম হয় পথাৰত
সীৱলুৰ ভাজে ভাজে সপোন গজে প্ৰেম পৰশনত
বাৰিষাৰ বৰষুণত গৰ্ভৱতী হয় পথাৰখন
চহাৰ মন মৰুদ্যানত বাজে আনন্দৰ আলোড়ন।
সেইয়াই বসন্তই গৰকা জেঠ আহাৰৰ পথাৰ
য’ত ৰংমন ৰঙিলীৰ দেহৰ ঘাম হয় একাকাৰ
তিনি চাৰিমাহ বাৰিষাত সতে আনন্দৰ ধেমালী
আঘোণ পুহত সেউজীয়া বোৰ হয় সোণোৱলী।
এতিয়া উন্নতিৰ জখলাত উন্নয়ন হ’ল
নাঙল-জুঁৱলিবোৰো এলাগী হ’ল,
ইঞ্জিনৰ ধোঁৱাত মাটিৰ মাদকতা হেৰায় পথাৰত
কৃত্ৰিম প্ৰজননৰ বীজ সিঁচে আধাচহীয়া মাটিত।
এতিয়া সকলোবোৰ মানুহেই ধনী হৈ গ’ল
সেয়ে উৰ্বৰা ভূমিবোৰো চন পৰি ৰোৱা হ’ল
একো কাম নকৰিলেও একো আপত্তি নাই
সময়ত দুবেলা দুসাজি আৰামত খাবলৈ পাই।
তেল নিমখৰ চিন্তা কৰি কাঠি-কামি কৰিব নালাগে
চহৰলৈ গৈ মাথোঁ আঙুলিৰ টিপ হে দিব লাগে
পাই আছে খাই আছে চিন্তা ভাৱনা একো নাই
নৰীয়াত পৰিলেহে মাথোঁ বচাৰ উপায় নাই।