তামিলনাডুৰ মন্দিৰত কান্দিছে অসমৰ জয়মালাই

Pc The Janambhumi

তামিলনাডুৰ মন্দিৰত কান্দিছে অসমৰ জয়মালাই

ৰঙিলী বাৰ্ত্তাসেৱা-  তামিলনাডুৰ মন্দিৰত কান্দিছে অসমৰ জয়মালাই। জয়মালাৰ চিৎকাৰে দেশজুৰি কঁপাই তুলিছে হৃদয়ৱান লোকৰ অন্তৰাত্মা। ঈশ্বৰৰ ঘৰতেই অকথ্য অত্যাচাৰ সহিবলগা হৈছে জয়মালাই। এই জয়মালা হৈছে অসমৰ জয়মালা। অসমৰ এটি পোহনীয়া হাতী জয়মালাই এতিয়া মৃত্যুকাতৰ আৰ্তানাদেৰে কঁপাই তুলিছে দেশ। মাউতৰ নিষ্ঠুৰ অত্যাচাৰত তিল তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে জয়মালা। জয়মালাৰ ওপৰত মাউতৰ জঘন্য অত্যাচাৰৰ কথা এতিয়া সংবাদ মাধ্যমৰ পাতে পাতে। ভাইৰেল হৈছে জয়মালাৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰৰ ভিডিঅ’।পেটাৰ এক অভিযোগৰ পিছতে পোহৰলৈ আহিছে জয়মালাৰ ওপৰত মাউতে কৰা অত্যাচাৰ নিৰ্মম ছবি। পেটাই দাবী কৰা মতে, দহ বছৰতকৈও অধিক সময় ধৰি হাতীটো শ্ৰীভিলিপুথুৰ নাচিয়াৰ তিৰুকোভিলৰ এটা মন্দিৰৰ সমীপত আছিল। কৃষ্ণ কোভিল মন্দিৰৰ ওচৰতো হাতীটো মাজে মাজে দেখা গৈছিল। পেটাৰ অভিযোগ, হাতীটোক নিয়মীয়াকৈ নৃশংসভাৱে অত্যাচাৰ চলায় মাউতটোৱে। পশু অধিকাৰ সংগঠন পেটাই ছ’চিয়েল মিডিয়াত এনে অভিযোগ উত্থাপন কৰি এক জাগৰণ অনাৰ চেষ্টা কৰিছে। পেটাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত এজন মাউতে হাতীটোৰ ভৰিত বৰ্বৰভাবে লাঠিৰে কোবাই আছে। তাৰ মাৰত হাতীটোৱে গগণফলা চিঞৰ মাৰি চিৎকাৰ কৰিছে। এই নৃশংস দৃশ্যত ক্ষুব্ধ হৈ পৰিছে জীৱ-জন্তু প্ৰেমীসকল। ‘জয়মলাৰ প্ৰতি মাউতৰ বৰ্বৰতা দৈনন্দিন ঘটনাত পৰিণত হৈছে। কেতিয়াবা মানুহজনে ছালত আঘাত কৰে। তাৰ বাবে প্লায়াৰ্ছ ব্যৱহাৰ কৰে। কেতিয়াবা গছত বান্ধি মাৰপিট কৰা হয়। কেতিয়াবা দিনটোত প্ৰায় ১৬ ঘণ্টামান হাতীটোক লোহাৰ শিকলিৰে বান্ধি ৰখা হয়। ভৰি দুখনো লৰচৰ কৰিব পৰা নাই হাতীটোৱে।’ পেটাই লগতে কয় যে তামিলনাডুৰ এই ঘটনাৰ প্ৰমাণ হাতলৈ অহাৰ লগে লগে মাউতে তাত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নাই। ছবি বা ভিডিঅ’ লোৱাতো বাধা দিছে। পেটাই জয়মালাক মুক্তি দিবলৈ দাবী জনাই প্ৰতিবেদনত উল্লেখ কৰিছে যে, ‘‘মাউত সলনি হোৱাৰ পিছতো জয়মালাৰ ওপৰত নিৰ্যাতন একেবাৰে হ্ৰাস পোৱা নাই।’’ পেটাই শ্বেয়াৰ কৰা ভিডিঅ’ দুটাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আৰু পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে। অভিযোগত বন্যপ্ৰাণী (সুৰক্ষা) আইন আৰু তামিলনাডু বন্দী হাতী (ব্যৱস্থাপনা আৰু ৰক্ষণাবেক্ষণ) নিয়মৰ কথাও উল্লেখ কৰা হৈছে।ইফালে, জয়মালাৰ প্ৰকৃত গৰাকী তিনিচুকীয়াৰ কাকপথাৰ কাঁচিজান গাঁৱৰ গিৰিণ মৰাণ। জয়মালাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এতিয়া হাহাকাৰ কৰিছে হাতীৰ গৰাকীয়ে। জয়মালাক অসমৰ পৰা তামিলনাডুলৈ নিয়াৰ আঁৰতো আছে এক কাহিনী। ১৯৯৫ চনত সমগ্ৰ দেশতে গছ কটা নিষিদ্ধ কৰাৰ পাছত  অসমৰ বন বিভাগে অসমৰ বনাঞ্চল-সমূহত ঘৰচীয়া হাতী মেলাত নিষেধাজ্ঞা জাৰি কৰাত অসমৰ হাতীৰ গৰাকীসকল বিমোৰত পৰিছিল৷ তেনে এক সন্ধিক্ষণত অসম চৰকাৰৰ বন বিভাগৰ ছত্ৰছায়াত আৰম্ভ হৈছিল বহিঃৰাজ্যলৈ অসমৰ ঘৰচীয়া হাতীসমূহ হস্তান্তৰ কৰাৰ এক বৃহৎ প্ৰক্ৰিয়া। সেই পাকচক্ৰৰ বশৱৰ্তী হৈ ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত ১৬টা ঘৰচীয়া হাতী মালিকসকলে প্ৰেৰণ কৰিছিল তামিলনাডুলৈ৷ এই ১৬টা হাতীৰ ভিতৰত বৰ্তমান তামিলনাডুত মাউতৰ পাশৱিক অত্যাচাৰৰ বলি হৈ চিৎকাৰ কৰি থকা অৱস্থাত ভিডিঅ’  ভাইৰেল হোৱা হাতীজনী কাকপথাৰৰ গিৰীন মৰাণৰ ‘জয়মালা’৷কাকপথাৰ অঞ্চলৰ কাচিজান গাঁৱৰ গিৰীন মৰাণ নামৰ লোকজনে জয়মালাক ২০১১ চনত ৰকিবুল হুছেইন বন মন্ত্ৰী থকাৰ সময়ত ডুমডুমা বনাঞ্চলিক বিষয়া-কৰ্মচাৰীৰ মন্ত্ৰণাত তিনি বছৰৰ বাবে তামিলনাডুৰ চিভিল্লিপুটুৰৰ নাচিয়াৰ মন্দিৰলৈ প্ৰেৰণ কৰিছিল৷ হাতীৰ গৰাকী গিৰীন মৰাণে জানিবলৈ দিয়া মতে, হাতীজনীক পুনৰ ঘূৰাই বিচাৰিলে আনি দিয়া হ’ব বুলি সেই সময়ত বন বিভাগে প্ৰকাশ কৰিছিল৷২০০২ চনৰ ১৮ অক্টোবৰত জন্ম হোৱা জয়মালাৰ মইক্ৰচিপ নং ০০০৬৫৮৪৭৫১ আৰু তামিলনাডুলৈ পঠোৱা টিপি নং আছিল ৬৮/২ তাং ১৫/১০/২০১১৷ সেই সময় ডুমডুমা বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত যি ১৬টা হাতীক অসমৰ পৰা তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছিল তাৰ এটাও এতিয়ালৈকে অসমলৈ উভতি অহা নাই বা অনাৰ ব্যৱস্থা নকৰিলে অসমৰ বন বিভাগে৷ যাৰ পৰিণতিত আজি জয়মালাৰ দৰে বহু হাতী অত্যাচাৰৰ বলি হ’ব লগা হৈছে বহিঃৰাজ্যৰ মাউটৰ হাতত৷ এতিয়া প্ৰশ্ন হৈছে অসমৰ বন বিভাগৰ ছত্ৰছায়াত নিৰ্দিষ্ট সময়ৰ বাবে বহিঃৰাজ্যৰ মন্দিৰলৈ প্ৰেৰণ কৰা এই হাতীসমূহ ঘূৰাই অনাৰ ব্যবস্থা কোনে কৰিব? অসম চৰকাৰে জয়মালাক ঘূৰাই অনাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?