তামিলনাডুত পুনৰ মাস্ক  বাধ্যতামূলক

PC- Outlook India

তামিলনাডুত পুনৰ মাস্ক  বাধ্যতামূলক

ৰঙিলী বাৰ্ত্তাসেৱা –  তামিলনাডু চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পুনৰ বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যিক স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি, উলংঘনকাৰীসকলৰ ওপৰত  ৫০০ টকা জৰিমনা আৰোপ কৰা হ’ব। বিভাগটোৱে কয় যে সমগ্ৰ দেশত, বিশেষকৈ দিল্লীত বৰ্ধিত কোভিড-১৯ গোচৰৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।