তাঞ্জিলক নবাব পাতিবলৈ পিছদুৱাৰেদি কংগ্রেছ- এআইইউডিএফৰ মিত্ৰতা
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক উপ নির্বাচনত প্রার্থী নিদিয়াৰ বাবে সিদ্ধান্ত লোৱাৰ লগতে চামগুৰি কংগ্ৰেছ প্রার্থী ৰকিবুল হুছেইনৰ তনয় তাঞ্জিল হুছেইনক কোনো কাৰণতেই পৰাস্ত হ’বলৈ দিয়া নহব বুলি কৈ এ আই ইউ ডি এফ নেতৃত্বই আচলতে কংগ্ৰেছৰ সাম্প্রদায়িক চৰিত্ৰকে উদঙাই দিছে। ভোট বিচাৰি চামগুৰি জনসাধাৰণৰ কাষলৈ যোৱাৰ পূৰ্বেই কংগ্ৰেছ প্রার্থী গৰাকী বদৰুদ্দিন আজমলৰ দৰবাৰত কেইবাবাৰো উপস্থিত হোৱাৰ কথা এ আই ইউ ডি এফৰ মূৰব্বীজনে নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে এই কথা খণ্ডন কৰা নাই। এ আই ইউ ডি এফৰ কংগ্ৰেছৰ প্ৰতি নিচর্ত সমর্থনকো কংগ্ৰেছ দলে আদৰণি জনোৱা দেখা গৈছে”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাৰ।বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই লগতে কয় “নিজৰ ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবেই কংগ্ৰেছ দলে নিজৰ ইচ্ছা অনুসৰি সহযোগী দলসমূহক ব্যৱহাৰ কৰি আহিছে। কংগ্ৰেছৰ কথাত উঠা-বহা কৰা ৰাজনৈতিক দলকহে দলটোৱে সদায় প্রাধান্য দিয়ে। চামগুৰিৰ নির্বাচনত শক্তিশালী প্রতিদ্বন্দিতা আগবঢ়াবৰ বাবে কংগ্রেছে এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে। লগতে বামপন্থী দল আৰু ক্ষুদ্র ক্ষুদ্র আঞ্চলিক দলসমূহৰ অস্তিত্বক অস্বীকাৰ কৰি ৰাজনৈতিকভাৱে তেওঁলোকক অপ্রাসংগিক কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। প্রদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি অনান্য নেতাৰ বক্তব্যৰ পৰাই এই কথা স্পষ্ট হৈ পৰে।” এক কথাত ক’বলৈ হ’লে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰক নবাব পাতিবৰ বাবেই কংগ্ৰেছ দলে নিজৰ সকলো মিত্র দলক ভৰিৰে গচকি এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে।