তাই কুলক্ষণী – মুন শৰ্মা

অণুগল্প:
তাই কুলক্ষণী
   মুন শৰ্মা, বছাগাঁও, লখিমপুৰ
স্বামীহীন তথা পুৰুষহীন ঘৰখন  ৰমিলাই আজি দুটা বছৰৰ অশেষ কষ্ট কৰি নিয়াৰিকৈ চলাই আছে।নিজৰ সমস্ত সুখ বোৰ নিজেই উপভোগ নকৰি ঘৰৰ বাকী সকলক উপভোগ কৰিবলৈ এৰি দিছে।তাই জানে ঘৰৰ মানুহৰ সুখেই তাই সুখ।পিছে ইমান পাছতো ঘৰ খনৰ বাকী মানুহ খিনিৰ বাবে তাই এজনী কুলক্ষণী তিৰোতা। কাৰণ তাইৰ বাবেই  সিহঁতৰ লৰাটো  মৃত্যু  হ’ল বুলি ইমান দিনে ভাবি আহিছে যিটো এটা ভুল ধাৰণা আছিল।তথাপি মানি ল’ব নিবিচাৰে ভুল বুলি কোনেও।