তলা আৰু চাবি – বিজুলতা পায়েং

তলা আৰু চাবি

বিজুলতা পায়েং,গোগামুখ

তলা আৰু চাবি
দুয়োৰে আছে এক এৰাব নোৱাৰা সম্পৰ্ক
তলা অবিহনে চাবি মূল্যহীন
চাবি বিনেও তলা মূল্যহীন |
তলাই হ’ল মৌন হৃদয়ৰ একমাত্ৰ সংগী
তলাৰ মাজত লুকাই থাকে
অজস্ৰ সুখ-দুখৰ গভীৰতা
মন গ’লে মৌনতাক ৰোধ কৰিব পাৰে
কেৱল চাবিকোচাই
মৌনতাৰ মাজত লুকাই থাকে
আত্মীয়তাৰে ভৰা লোভ-মোহ চেনেহৰ
এক মধুৰ সম্পৰ্ক
কেতিয়াবা নিজৰ সন্তানৰ বাবে,
কুটুম্বৰ বাবে কেতিয়াবা সমাজৰ অন্যায়ৰ বাবে
দেখিও চকু মুদা কুলিৰ বেশেৰে
বহু কথাক মনুষ্যই
মৌনওঁঠত কেতিয়াবা নিচাসক্ত হৈ
তলাৰে আৱদ্ধ
হৃদয়ৰ মৌনতাৰ চাবি খুলি
প্ৰাণখুলি হাঁহিবলৈ দিয়া |
ৰোধ নকৰিবা কোনেও
ক্ষন্তেকৰ বাবে
মুকলি আকাশৰ তলত উৰিব দিয়া
হে নিমাতী কইনা ,তুমি  অন্যায়ৰ শিকলি চিঙি
মুক্ত আকাশত খুলি দিয়া মৌনতাৰ চাবিকোছা
বিয়পাই দিয়া তোমাৰ বিষপান |
সততাৰ ভাষাৰে
জয় জয়কাৰ কৰা মানৱৰ জয়গান