তথ্যবিহীন অভিযোগকাৰী ভিক্টৰ দাসক গ্ৰেপ্তাৰ

Pc The Janambhumi

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীয়ে অৱশেষত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে। পুৱাৰ পৰা ভিক্টৰ দাসক জেৰা কৰি নিশা গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক। অলপতে হৈ যোৱা অসম চৰকাৰৰ ২৬ হাজাৰ খালী পদৰ নিযুক্তি পৰীক্ষাত অনিয়ম আৰু নিযুক্তিৰ নামত ধনৰ লেন-দেন হোৱা বুলি  ছচিয়েল মিডিয়াত অভিযোগ কৰিছিল ভিক্টৰ দাসে।অসম আৰক্ষীয়ে এটা টুইটত কয়, ‘ভুৱা উৰাবাতৰি প্ৰচাৰ কৰি চৰকাৰী পদত বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত মতানৈক্য জগাই তোলাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাসক।’