তথ্যচিত্ৰ ’পঞ্চকৰ্ম’ৰ শুভ প্ৰদৰ্শনী
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডাঃ শচীন্দ্ৰ বৰ্মনৰ চিকিৎসা সেৱাৰ সফলময় কৰ্মৰাজিৰ আলমত নিৰ্মিত গঠনমূলক তথ্যচিত্ৰ ‘পঞ্চকৰ্ম’ (Nactar of life)-ৰ ২৫ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে শুভ প্ৰদৰ্শনী অনুষ্ঠান সমাপন হয় গুৱাহাটী প্ৰেছ ক্লাবত। জনপ্ৰিয় ফটোগ্ৰাফাৰ পল্লৱ মহন্তৰ পৰিকল্পনা আৰু পৰিচালনাৰে নিৰ্মিত তথ্যচিত্ৰখনিৰ প্ৰদৰ্শনী অনুষ্ঠানত অসমৰ চিকিৎসা সেৱাৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আদৰণীয় বক্তব্য আগবঢ়াই । সংগীতশিল্পী সোনমণি দত্ত আৰু জ্যোতিষী লীলামাধৱ শইকীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত ডাঃ শচীন্দ্ৰ বৰ্মনে অভিজ্ঞতা সম্পন্ন বক্তব্যৰে উপস্থিত সকলোকে আপ্লুত কৰে। পল্লৱ মহন্তৰ আদৰণি ভাষণেও সকলোকে মুগ্ধ কৰে। বিশিষ্ট সাংস্কৃতিকৰ্মী গগণাষ্টম গগৈয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত অসমৰ আয়ুৰ্বেদিক চিকিৎসা সন্দৰ্ভত বিভিন্ন গঠনমূলক কথাৰ আলোকপাত হয়। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰে বিভিন্ন ৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰত লব পৰা সজাগতা আৰু উপকাৰিতা সম্পৰ্কত তথ্যচিত্ৰখনিত পুংখানুপুংখভাৱে উপস্থাপন কৰা হৈছে। অসমৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ‘পঞ্চকৰ্ম’ ((Nactar of life)-ই যে এক সুষ্ঠ বাতাবৰণ কঢ়িয়াই আনিব পাৰিব সেয়া দাঠি কব পাৰি।তথ্যচিত্ৰখনৰ চিত্ৰনাট্য- নয়নী বৰগোহাঁই, নেপথ্য কণ্ঠ- ৰঞ্জন শৰ্মা, সম্পাদনা- তিলক ৰঞ্জন আৰু কেমেৰা- চবিৰৰ। পল্লৱ মহন্ত আৰু ডাঃ শচীন্দ্ৰ বৰ্মনৰ এই প্ৰচেষ্টাক উপস্থিত সকলোৱে শলাগ লয়।