ঢোলৰ ওজা, লোকশিল্পী তুলসী ওজাৰ দেহাৱসান

ঢোলৰ ওজা, লোকশিল্পী তুলসী ওজাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ সাংস্কৃতিক জগতৰ এটি যেন উজ্জ্বল নক্ষত্ৰ হঠাতে খহি পৰিল৷ বৰেণ্য লোকসংস্কৃতিৰ একান্ত সাধক, ঢোলৰ ওজা, লোকশিল্পী তুলসী ওজাৰ যোৱাকালি ৰাতিপুৱা প্ৰায় ৬-৩০ বজাত গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ বহুদিন ৰোগত আক্ৰান্ত হৈ থকা ওজাক বহু চিকিৎসা কৰাৰ পাছতো আৰোগ্য লাভ নকৰাত অৱশেষত গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও জটিল ৰোগত ভোগা ওজাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু মৃত্যু হয়৷