ঢকুৱাখনাত প্ৰেঙ্ক ভিডিঅ’ বনাবলৈ গৈ ৰাইজৰ লপাথপা খালে দুই যুৱকে

pc Twitter

ঢকুৱাখনাত প্ৰেঙ্ক ভিডিঅ’ বনাবলৈ গৈ ৰাইজৰ লপাথপা খালে দুই যুৱকে

ৰঙিলী বাৰ্ত্তাসেৱা- ঢকুৱাখনাত প্ৰেঙ্ক ভিডিঅ’ বনাৱোৰ নামত পথচাৰীক নকল পিষ্টল দেখুৱাই ধন দাবী কৰি ৰাইজৰ ৰোষৰ বলি হ’ল দুই যুৱক।ঢকুৱাখনা থানাৰ অন্তগৰ্ত পানীগাওঁৰ এই ঘটনা।ঢকুৱাখনা -ধেমাজি সংযোগী গড়কাপ্তানি পথৰ পানীগাঁওৰ মুগা ফাৰ্মৰ নিৰিবিলি পৰিৱেশত মানুহ নোহোৱাৰ সুযোগ লৈ দুজন যুৱকে এজন বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীক আগচি ধৰি নকল পিষ্টল বুকুত থৈ তেওঁৰ পৰা ধন দাবী কৰে। ভয়ত কম্পমান ব্যক্তিজনে কোনোমতে পলাই গৈ স্থানীয় ৰাইজক খবৰ দিয়েগৈ, ৰাইজে খবৰ পাই দুই যুৱকক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে। শেষত আৰক্ষী উপস্থিত হয় যুৱক দুজনক থানালৈ লৈ যায় আৰু নকল বন্দুকটো লগতে যুৱক দুজনৰ বাইকখনো জব্দ কৰে।ধৃত দুই যুৱক দুজন ঢকুৱাখনাৰ বাহিৰ কপচানৰ প্ৰিয়ম দলে আৰু মনজিৎ দলে।