ডেৰ বছৰ হেঁপাহ কৰি অৱশেষত লুৰীণ মামাক লগ পালে টিংখাঙৰ কণমানি খুচীয়ে

ডেৰ বছৰ হেঁপাহ কৰি অৱশেষত লুৰীণ মামাক লগ পালে টিংখাঙৰ কণমানি খুচীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- খুচীৰ বৰ্তমান বয়স প্ৰায় ছবছৰ৷ডেৰ বছৰমান আগত এদিন ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চৌহদত মাক পিকুমণি বকলীয়াল শইকীয়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক লগ পাই ছেলফি উঠিছিল৷মাকৰ লগত আন কোনোবা কোনোবাও আছিল৷ সকলোৱে ছেলফি উঠিলে৷ থাকি গ’ল খুচী৷শিশু কন্যাৰো যে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠিবলৈ মন আছিল, মাকে কথাটো ভৱাই নাছিল৷ ঘৰলৈ গৈ মাকে মন কৰিলে যে কনমানি খুচীয়ে মন মাৰি থকা হৈছে৷ বহুত চেষ্টা কৰি মন মাৰি থকাৰ কাৰণ জানিব পাৰিলে যে ডিব্ৰুগড়ত মাকে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠোঁতে তাইৰো উঠিবলৈ মন আছিল৷ নাপালে কাৰণে মন বেয়া৷মাকে কথাটো সাধাৰণ শিশু মনৰ ক্ষন্তেকীয়া আৱেগ বুলি ভাৱি বিষয়টোত গুৰুত্ব নিদিলে৷কিন্তু দিন যোৱাৰ লগে লগে মাকে মন কৰিলে যে খুচীয়ে অনবৰত লুৰীণজ্যোতিৰ কথা ক’বলৈ আৰম্ভ কৰিছে৷ খাওঁতে শুওঁতে পঢ়োতে অকল লুৰীণজ্যোতিৰ চৰ্চা৷ ঘৰত কোনোবাই টিভিটো মেলিলে তাইৰ চকু-কাণ টিভিৰ ফালে থকা হ’ল – কিজানিবা লুৰীণজ্যোতি ওলায়৷লুৰীণজ্যোতি গগৈক তাই নিজে নিজে মামা বুলি মতা হ’ল৷মাক-দেউতাকৰ মেবাইলটো হাতত পালে লুৰীণজ্যোতিৰ ভিডিঅ’ চোৱা কৰিলে৷অনবৰত মাকক কোৱা হ’ল- মা মোক লুৰীণ মামাৰ ওচৰলৈ লৈ ব’লানা৷ তাই লুৰীণজ্যোতি গগৈলৈ বুলি এখন ছবিও আঁকি থৈছে৷ লিখিছে- লুৰীণ নাম, মই তোমাক ভাল পাওঁ৷মাক দস্তৰমত বিমোৰত পৰিল৷ লুৰীণজ্যোতিক তেওঁ জীৱনত এবাৰ লগ পাইছে; তাকো বাটতে, হঠাতে৷লুৰীণজ্যোতিৰ ফোন নম্বৰ ঠিকনা নেজানে৷ ফোন নম্বৰো নাই৷ লুৰীণ গগৈৰ সৈতে যোগাযোগত থকা কোনো মানুহকো তেওঁ চিনি নেপায়৷ এছৰমান আগতে লখিমপুৰৰ এগৰাকী সাংবাদিকক লগ পাওঁতে মাকে কথাটো সাংবাদিকগৰকীক ক’লে৷ সাংবাদিকগৰাকীয়ে লুৰীণজ্যোতি গগৈৰ সৈতে যোগাযোগ কৰাই দিয়াৰ দায়িত্ব লৈ নিজৰ পোৰ্টেলত এটা বাতৰিও কৰিলে৷ লুৰীণজ্যোতি গগৈক ফোন কৰি খুচীৰ বিষয়ে জনালেও৷ কিন্তু লুৰীণ মামাক লগ পোৱাৰ খুচীৰ হেঁপাহটোহে পুৰণ নহ’ল৷ লুৰীণজ্যোতি গগৈ সাংগঠনিক কামত টিংখাঙলৈ যাওঁতে কথাটো ওলাল যে ডেৰ বছৰ ধৰি লুৰীণ মামক লগ পাবলৈ হেঁপাহ কৰি থকা খুচী ওৰফে ৰাচিকা শইকীয়াৰ ঘৰ ওচৰতে৷ খুচীৰ মাকক খবৰটো পঠিওৱা হ’ল৷ মাকে খুচীক আনিবলৈ স্কুললৈ লৰ মাৰিলে৷ লুৰীণজ্যোতি গগৈয়ে খুচী তেওঁৰ ওচৰলৈ অহাতকৈ নিজে খুচীৰ ঘৰলৈ যোৱাটোকে বেছি ভাল বুলি ভাৱিলে৷ কথা মতে কাম৷ খুচী স্কুলৰ পৰা আহি হতবাক৷ তাইৰ হেঁপাহৰ লুৰীণ মামা তাইৰ ঘৰতে৷তাইৰ লুৰীণ মামাৰ কোঁচত বহিল৷ কথা পাতিলে৷ গালে-মুখে হাত ফুৰাই মৰমো কৰিলে৷ চুলিত বেনি গুঠিবলৈয়ো চেষ্টা কৰিলে৷ লুৰীণ গগৈলৈ বুলি আঁকি থোৱা ছবিখনো জাতীয় পৰিষদৰ সভাপতিগৰাকীক উপহাৰ দিলে৷মাক পিকুমণি শইকীয়াই জনালে যে যোৱা প্ৰায় ডেৰ বছৰ ধৰি খুচীয়ে এই হেঁপাহটোকে পুহি ৰাখিছিল যে লুৰীণ মামা এদিন আহিব আৰু তাই লগ পাব৷ আজি তাইৰ সেই হেঁপাহ পুৰণ হ’ল৷তাই হেনো লুৰীণজ্যোতি গগৈৰ ফটো বা ভিডিঅ’ চাই মন কৰি থাকে যে লুৰীণ মামাৰ চুলি-ডাৰি দীঘল হৈছে নে নাই৷ ডাড়ি-চুলি দীঘল দেখিলে তাই কয়, মা লুৰীণ মামাই চুলি কিয় কটা নাই? লুৰীণ গগৈৰ টিভিত মন মাৰি থকা বা খং কৰি থকা দেখিলে তাই নিজেই মন মাৰি দিয়ে৷যোৱা ডেৰ বছৰে নিজৰ মোমায়েকৰ দৰে এক আত্মিক সম্পৰ্ক নিজে নিজে পাতি লোৱা খুচী নামৰ কণমানিজনীৰ এই মৰম দেখি আজি আপ্লুত হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী৷ তেওঁ কয়, ”জীৱনত বহুত মানুহ লগ পাইছো৷ বহুত মানুহৰ আন্তৰিকতাও দেখিছো৷ কিন্তু কণমানি খুচীৰ এই অস্বাভাৱিক আৱেগে এক অনন্য আন্তৰিক সুখানিভূতি অনুভৱ কৰোৱালে৷ ই লগতে এক গভীৰ দায়িত্ববোধৰ কথাও সোঁৱৰাই দিলে৷ জাতিৰ স্বাভিমান পুনৰুদ্ধাৰৰ জাতীয় দায়িত্বই সমগ্ৰ অসমখনকে এটা পৰিয়াল আৰু সকলো মানুহকে আত্মীয় বুলি ভৱাৰ যি পৰিৱেশ গঢ়ি দিলে; আৰু বিপৰীতে ৰাইজৰ পৰা পোৱা মৰমে, জাতিৰ সেৱাত নিজকে উজাৰি দিয়াৰ বাবে প্ৰেৰণা যোগায়৷”