ডেভিদ কাৰ্ড, জছুৱা  এংৰিষ্ট আৰু গুইডো ইমবেন্সক ২০২১ চনৰ অৰ্থনীতিৰ নবেল বঁটা প্ৰদান 

Pc- ANI News

ডেভিদ কাৰ্ড, জছুৱা  এংৰিষ্ট আৰু গুইডো ইমবেন্সক ২০২১ চনৰ অৰ্থনীতিৰ নবেল বঁটা প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২১ চনৰ অৰ্থনীতিৰ নবেল বঁটা তিনিগৰাকী আমেৰিকান অৰ্থনীতিবিদলৈ প্ৰদান কৰা হৈছে। শ্ৰম অৰ্ছনীতিত প্ৰায়োগিক অৱদানৰ বাবে ২০২১ চনৰ অৰ্থনীতিৰ নবেল বঁটা কানাডাৰ শ্ৰমিক অৰ্থনীতিবিদ ডেভিদ কাৰ্ড, জছুৱা এংৰিষ্ট আৰু গাইডো ইমবেন্সক প্ৰদান কৰা হৈছে। নʼবেল  বঁটাৰ ধনৰ এভাগ ডেভিদ কাৰ্ডে লাভ কৰাৰ বিপৰীতে বাকী দুটা ভাগ জছুৱা  এংৰিষ্ট আৰু গাইডো ইমবেন্সক ভগাই দিয়া হʼব। কাৰ্ডক “শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে” সন্মানিত কৰা হৈছে। এংৰিষ্ট আৰু ইমবেন্সে ইয়াক “কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে” জিকিছিল।