ডিব্ৰুগডৰ দাৰুল হাদীছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ অষ্টম বাৰ্ষিক জলছা সম্পন্ন

ডিব্ৰুগডৰ দাৰুল হাদীছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ অষ্টম বাৰ্ষিক জলছা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ চাউলখোৱাত থকা দাৰুল হাদীছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ অষ্টম বাৰ্ষিক জলছাৰ খতমে বোখাৰী শ্বৰীফ ২১\১\২৪ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।কাৰ্যসূচী অনুযায়ী পুৱা পতাকা উত্তোলন, কোৰান পাঠ আৰু ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আলহজ মনিৰুদ্দিন আহমেদে সভাপতিত্ব কৰা অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্হিত থাকে বিশিষ্ট ইছলামিক চিন্তাবিদ , আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা তথা সৰ্বভাৰতীয় জমিয়ত উলেমাৰ উপ-সভাপতি হজৰত মৌলানা শ্বেইখ চৈয়দ আচজ্জত মদনীয়ে। ভাষণ প্ৰসঙ্গত তেওঁ কয় যে আমি মানুহ আৰু মানুহ হিচাপে সকলোৱেই শান্তিৰে বসবাস কৰিব লাগে। হিংসা কপটতা আদিবোৰ আমাৰ মাজত থাকিব নালাগে। আন এগৰাকী কোৰানে হাফিজ, কাৰী ,আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইছলামিক চিন্তাবিদ মুফতি চৈফুদ্দিন আহমেদ বুলবুলিও সাৰগৰ্ভ ভাষণ দিয়ে। প্ৰায় দুহেজাৰৰো অধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই জলছা অনুষ্ঠানত সম্পাদক হাচমত আলি,নজিবুল হুছেইন, ৰুবুল আলিকে আদি কৰি মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি আলহজ ফৰিদ আহমেদ আৰু সম্পাদক আৰিফ উদ্দিন আহমেদৰ লগতে ছোৱালী মাদ্ৰাছা খনিৰ অন্যান্য সদস্য আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বিশ্বশান্তিৰ বাবে দোৱা- প্ৰাৰ্থনা কৰে মৌলানা শ্বেইখ চৈয়দ আচজ্জত মদনীয়ে।