ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈৰ প্ৰচাৰ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে খোৱাং আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত চলোৱা নিৰ্বাচনী প্ৰচাৰ তথা অংশ লোৱা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে অৱগত কৰা হ’ল। ডিব্ৰুগড় বিধান সভা সমষ্টিৰ অন্তৰ্গত চাউলখোৱা ঘৰবান্ধিচুকত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।ডিব্ৰুগড় বিধানসভাৰ অন্তৰ্গত নিজ মানকটা পঞ্চায়তৰ বকপৰাত অনুষ্ঠিত এখন নিৰ্বাচনী ৰাজহুৱা প্ৰচাৰ সভাত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় ।খোৱাং বিধানসভাৰ অন্তৰ্গত জকাই আঞ্চলিক টাই কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলাও । উক্ত সভাত উপস্থিত থাকে প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী বৰ্ষীয়ান ৰাজনৈতিক নেতা পৃথ্বী মাঝি, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কোবিন্দ চেতিয়া, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ আদি ।লেকাই ৰাজহুৱা প্ৰেক্ষাগৃহত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় ।ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলিত বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি ঐক্য মঞ্চৰ বিষয় ববীয়া, কৰ্মী সকলৰ সৈতে আলোচনা কৰে।ডিব্ৰুগড় লাচিত নগৰত অনুষ্ঠিত বিহু কৰ্মশালাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়।ডিব্ৰুগড় বিধান সভাৰ অন্তৰ্গত হিলৈধাৰী গাওঁ আৰু নিজ কানাই অঞ্চলত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।