ডিব্ৰুগড় বকপৰা-খনিকৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা: থিতাতে নিহত এজন

ডিব্ৰুগড় বকপৰা-খনিকৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা: থিতাতে নিহত এজন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বকপাৰা খনিকৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়। এ এচ 04 BC 9597 নম্বৰৰ ব’লেৰ’ পিকআপ গাড়ী খন তিনিচুকীয়া অভিমুখী গৈ আছিল আৰু AS04 BC 0667 নম্বৰৰ ডাম্পাৰ খন শিৱসাগৰ অভিমুখী গৈ থকাত দুয়োখন গাড়ীৰ মাজত প্ৰচণ্ড মুখামুখী সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত ব’লেৰো গাড়ীখনৰ হেণ্ডিমেন জন থিতাতে নিহত হয়। ব’লেৰো গাড়ী খনৰ ড্ৰাইভাৰ আৰু আৰোহী জনক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰৰ ৰাইজে। গুৰুতৰভাৱে আহত দুজনৰ অৱস্থা সংকটজনক। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ বকপৰা-খনিকৰ বাইপাছত সঘনাই দুৰ্ঘটনা হোৱা দেখা যায়।দুৰ্ঘটনাতো ইমানেই ভয়ানক আছিল যে সংঘৰ্ষৰ ফলত দুয়োখন গাড়ী চুচূৰ্মৈ হৈ যায়। আৰক্ষীয়ে সময় সময় গাড়ীবোৰ ৰখাই লাইন লাইন কৰি তন্নতণ্ণকৈ সকলো দিশৰ পৰা পৰীক্ষা কৰা দেখা যায়। তথাপিও বিভিন্ন গাড়ী নথিপত্ৰ বিহীনভাৱে আৰু নম্বৰপ্লেটৰ বিহীনভাৱে আৰক্ষীৰ নাকৰ আগেৰে অবাধে চলাচল কৰা দেখা যায়, তাৰে এটা উদাহৰণ আজিৰ এই ডাম্পাৰখন। নথিপত্ৰ বিহীন গাড়ী অবিহনে সহজেই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব বিচৰাৰ ফলস্বৰূপে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ। নথিপত্ৰৰ ম্যাদ উকলি যোৱা গাড়ী সমূহে সঘনাই দিনে নিশা চলাচল কৰা ৰাইজে প্ৰত্যক্ষ কৰে । পৰিবহন এপত AS 04 BC 0667 নম্বৰৰ ডাম্পাৰ খনৰ ফিটনেচ ২০২১ৰ অক্টোবৰলৈকে ম্যাদ আৰু আৰু প্ৰদূষণৰ ম্যাদ আগষ্ট মাহলৈকে আছিল। ডিব্ৰুগড় প্ৰায়বোৰ ঠাইতে আৰক্ষীয়ে বেৰীকেড লগাই গাড়ী পৰীক্ষা কৰা দেখা যায় ,কিন্তু তীব্ৰ গতিত চলাই থকা গাড়ী সমূহক নাকী লগাব নোৱাৰাৰ কাৰণ কি , আৰু গাড়ীৰ মালিকৰ লগত কিহৰ মিতিৰালি বুলি ৰাইজে পৰিবহন বিভাগ আৰু যান-বাহন আৰক্ষী বিভাগক প্ৰশ্ন উত্থাপন কৰে।