ডিব্ৰুগড় নিৰ্বাচনী জিলাত আদৰ্শ আচৰণ বিধি উলঙ্ঘন ৰোধৰ বাবে সষ্টম ষ্টেটিক ছাৰ্ভেলিন্স দ’ল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভেলিন্স দ’ল

ডিব্ৰুগড় নিৰ্বাচনী জিলাত আদৰ্শ আচৰণ বিধি উলঙ্ঘন ৰোধৰ বাবে সষ্টম ষ্টেটিক ছাৰ্ভেলিন্স দ’ল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভেলিন্স দ’ল
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়  নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধনদি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে  ৮৭ নং চাবুৱা-লাহোৱাল সমষ্টি,  ৮৮ নং ডিব্ৰুগড় সমষ্টি, ৮৯ নং খোৱাং সমষ্টি, ৯০ নং দুলীয়াজান সমষ্টি, ৯১ নং টিংখাং সমষ্টি আৰু ৯২ নং নাহৰকটীয়া সমষ্টিত  আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে । এই আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স  দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। উল্লেখযোগ্য যে, ধনৰ অবৈধ লেনদেন আৰু নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ত চকু ৰখাৰ বাবে  নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত বৈধ নথি-পত্ৰ অবিহনে নগদ ৫০ হাজাৰ টকাতকৈ অধিক ধন কঢ়িওৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি কোনো বৈধ নথি-পত্ৰ নাথাকিলে এনে ধনক অবৈধ হিচাপে গণ্য কৰা হয় । ইয়াৰ উপৰিও দহ হাজাৰতকৈ অধিক মূল্যৰ মূল্যবান সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে।  একেদৰে ভোটাৰৰ মাজত সুৰাৰ অবাধ প্ৰচলন ৰোধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে  বুলিও  কয়।