ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পুলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ অধীনৰ ডিব্রুগড়, খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান আৰু চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ বাবে আজিৰে (১৪-৩-২৪) পৰা ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়, ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বানিজ্য মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ বালিকা মহাবিদ্যালয় আৰু ডিব্ৰু মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পুলিং বিষয়াসকলৰ প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ১৬ মাৰ্চলৈকে অনুষ্ঠিত হবলগীয়া প্ৰশিক্ষনত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ত ৩২০ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পুলিং বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ হোৱাৰ বিপৰীতে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বানিজ্য মহাবিদ্যালয়ত ২১০ গৰাকী, মনোহাৰী দেৱী কানৈ বালিকা মহাবিদ্যালয়ত ২০০ গৰাকী আৰু ডিব্ৰু মহাবিদ্যালয়ত ২৪০ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পুলিং বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। আনহাতে, ১৯ মাৰ্চৰ পৰা ২১ মাৰ্চ লৈকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পুলিং বিষয়াসকলৰো প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষাণ আৰম্ভ হ’ব।