ডিব্ৰুগড়ৰ ৰাজগড়ত ৭০৬১ টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ মন্ত্ৰী বিমল বড়াৰ

ডিব্ৰুগড়ৰ ৰাজগড়ত ৭০৬১ টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ মন্ত্ৰী বিমল বড়াৰ

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি (২৮-২-২৪) টিংখাং বিধানসভা সমষ্টিৰ মিছন বসুন্ধৰা ২.০ ৰ অধীনত আনুষ্ঠানিকভাবে ভূমি পট্টা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমষ্টিটোৰ ৭০৬১ টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে ৰাজগড় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ৰাইজক সম্বোধন কৰি মন্ত্ৰী বিমল বড়াই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্ব তথা দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত আৰম্ভ হোৱা বসুন্ধৰা আচঁনিৰ জৰিয়তে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে ভূমি ৰাজহ সেৱাক জনগণৰ অধিক ওচৰচপাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। ভূমিৰ লেখা বা খতিয়ান উন্নীতকৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলাও এই মিছন বসুন্ধৰাৰ এক প্ৰধান উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। আনহাতে, মিছন বসুন্ধৰাৰ সফল ৰূপায়ণৰ দ্বাৰা ৰাজ্যখনৰ ভূমি মানচিত্ৰ, ভূমি লেখা আৰু পঞ্জীয়ন এশ শতাংশই ডিজিটেলাইজেচন সম্ভৱপৰ হৈ উঠিব বুলিও মন্ত্ৰী বড়াই জানিবলৈ দিয়ে। আজিৰ পট্টা বিতৰণ কাৰ্যসূচীত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, চাহ জনজাতি আৰু আদিবাসী কল্যাণ তথা শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিশান, জিলা আয়ুক্ত বিক্ৰম কৈৰী, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ সভাপতি ডেইজীৰানী শ্যাম, মটক স্বায়ত্ব পৰিষদৰ সভাপতি ডেভিড চেতিয়া, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) ড০ মনিকা বৰা, টিংখাং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপাসনা দুৱৰা, মৰাণ ৰাজহচক্ৰৰ চক্ৰ বিষয়া সংগীতা শৰ্মা প্ৰমুখ্যে ডিব্ৰুগড় জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া, বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে।