ডিব্ৰুগড়ৰ সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অমিয়া বৰদলৈৰ মৃত্যু

ডিব্ৰুগড়ৰ সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অমিয়া বৰদলৈৰ মৃত্যু
 
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চিৰিং চাপৰি নিৱাসী, সৰবৰহী তথা ধৰ্মপ্ৰাণা মহিলা অমিয়া বৰদলৈৰ হৃদৰোগত আক্রান্ত হৈ ৮২ মৃত্যু হয়। খাদ্য আৰু যোগান বিভাগৰ বিষয়া প্রয়াত  নগেন চন্দ্র বৰদলৈৰ পত্নী অমিয়া বৰদলৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। তেওঁ ৩ গৰাকী কন্যা, ব্যৱসায়ী, সমাজকর্মী সুজিত প্ৰসাদ বৰদলৈ (মুন)সহ দুজন পুত্র, বোৱাৰী, তিনি গৰাকী কন্যা,জোঁৱাই, নাতি-নাতিনী সহ আত্মীয় স্বজনক ইহ এৰি যায়। তেওঁৰ মৃতদেহ চিৰিং চাপৰি শ্মশানত অনেক গুণমুগ্ধৰ উপস্থিতিত  শেষকৃত্য সম্পন্ন কৰা হয়। বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত বয়োজ্যোষ্ঠা মহিলা গৰাকীৰ মৃত্যুত ডিব্ৰুগড়ৰ অন্যতম সামাজিক আৰু ক্ৰীড়া সংগঠন জেউতি মৰল সংঘকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।