ডিব্ৰুগড়ৰ মানকটাত সফল ভাৱে সমাপন “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪”

ডিব্ৰুগড়ৰ মানকটাত সফল ভাৱে সমাপন “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪”

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ চিকিৎসাৰ ক্ষেত্ৰখনত বিশেষভাৱে সমাদৃত যুৱ উদ্যমী সংস্কৃতিপ্ৰেমী চিকিৎসক ডাঃ ৰূপম হাজৰিকা আৰু ডাঃ দীপক তাছাৰ মুখ্য পৃষ্ঠপোষকতা আৰু ডাঃ মৃদুল কুমাৰ দাস(অনুৰাগ) এন ই -৮ ৰ উদ্যোগত ৪ ফেব্ৰুৱাৰী দেওবাৰে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪”। চাহ জনগোষ্ঠীয় আধুনিক সংগীতৰ গুৰিধৰা শিল্পী পৰিয়াল, বৰ্তমানেও নিখোজ হৈ থকা জ্যেষ্ঠ শিল্পী শিৱচৰণ দাস আৰু তেওঁৰ শিল্পী পুত্ৰ প্ৰয়াত কুমাৰ সুৰেশ দাসৰ পৰিয়ালবৰ্গক আৰ্থিক সাহাৰ্য্য- সহযোগিতা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪” অনুষ্ঠিত কৰা হৈছিল বুলি এই অনুষ্ঠানৰ অন্যতম উদ্যোতা নয়ন দাসে জানিবলৈ দিয়ে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আৰ্ট কম্পিটিশ্বনেৰে আৰম্ভ কৰা “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪” ৰ মঞ্চ উদ্বোধন কৰে জ্যেষ্ঠ অঁনাতাৰ শিল্পী ৰাম চাচনীয়ে। তেওঁ মঞ্চ উদ্বোধন কৰাৰ লগতে শিৱচৰণ দাস আৰু প্ৰয়াত কুমাৰ সুৰেশ দাসৰ  ৰিয়ালবৰ্গক আৰ্থিক সহায়ৰ বাবে চেক প্ৰদান কৰি কয় যে- “এয়া এক শুভ কৰ্ম- জীৱিত কালত কেৱল শিল্পীক মনত ৰাখিলে নহ’ব, মৃত্যুৰ পিছতো শিল্পীসকলৰ সৃষ্টিৰাজিৰ লগতে পৰিয়ালৰো খবৰ ৰখাটো সমাজৰ দায়িত্ব হোৱা উচিত”। “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল- ২০২৪” মুখ্যআকৰ্ষণ আছিল যুৱ প্ৰজন্মৰ মাজত বিশেষ ভাবে সমাদৃত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী “আৰমান মালিকে” সুললিত কণ্ঠেৰে সংগীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকক মোহাচ্ছন্ন কৰে। সংগীত শিল্পী আৰমানৰ লগতে একেখন মঞ্চত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিৰূপা চিনে এৱাৰ্ড বিজয়ী সুবিল বাৰ্গে নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কমল নাগ, ঋতিষা শৰ্মা, বটল ৰকেটছ আৰু দ্য কালটিভেটৰ মিউজিক বেণ্ড দুটিয়েও সংগীত পৰিবেশন কৰে। আয়োজক সমিতিৰ হৈ ডাঃ দিব্যজ্যোতি কলিতা, বিক্ৰম ভাস্কৰ চেতিয়া, প্ৰাঞ্জল প্ৰতিম মহন্ত, মৈত্ৰী তাছা, বিনোদ কুৰ্মী, সঞ্জীৱ তাছা, পংকজ চবৰে বিশেষভাৱে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা ডিব্ৰুগড়বাসীৰ সংগীতপ্ৰেমী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে অহাবৰ্ষত আৰু কিছু ব্যতিক্ৰমীভাৱে “ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল” অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিছে।