ডিব্ৰুগড়ৰ মঞ্চৰূপাৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন 

ডিব্ৰুগড়ৰ মঞ্চৰূপাৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন 

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-১৯৫৭ চনত ডিব্ৰুগড়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেখেতৰ ঘনিষ্ঠ সতীৰ্থ হাচান ছৰিফ আহমদৰ সহযোগত প্ৰতিষ্ঠা কৰা ‘মঞ্চৰূপা’ই ৭ ছেপ্তেম্বৰৰ স্থানীয় আমোলাপট্টি নাট্য মন্দিৰত দুয়োগৰাকী প্ৰতিষ্ঠাপকলৈ শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠান “সুধাকণ্ঠৰ হিয়াৰ উমেৰে এসন্ধ্যা”। বন্তি প্ৰজ্বলক প্ৰবীন শিল্পী প্ৰশান্ত বৰদলৈৰ লগতে বহুকেইগৰাকী গণ্যমান্য শিল্পী তথা অনুৰাগীয়ে আৰম্ভণিতে দুয়োগৰাকীৰ প্ৰতিকৃতিত শ্ৰদ্ধা নিবেদন কৰে৷ মঞ্চ উদ্বোধন কৰি আকাশবাণী তথা দূৰদৰ্শনৰ অনুষ্ঠান-মুৰব্বী লোহিত ডেকাই অতি মনোগ্ৰাহী সাৰুৱা ভাষণেৰে উপস্থিত দৰ্শকক আপ্লুত কৰে৷ মুখ্য অতিথি ৰূপে গুৱাহাটীৰ পৰা আমন্ত্ৰিত, সুধাকণ্ঠৰ সঙ্গীত জীৱনৰ দীৰ্ঘকালৰ সতীৰ্থ শিল্পী কমল কটকীয়ে দুদিনীয়া কৰ্মশালা সম্পন্ন কৰাৰ বিপৰীতে সন্ধিয়াৰ আকৰ্ষণৰ মধ্যমণি হৈ এঘণ্টাতকৈও অধিক সময় কথা আৰু গীতেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে৷ জনপ্ৰিয় শিল্পী ৰাম চাচনী, বনগীতৰ সম্ৰাট পদ্ম দাস, প্ৰবীন নৃত্যশিল্পী, অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈ, ডা° বিপিন কাকতিকে প্ৰমুখ্যে বহুকেইগৰাকী শিল্পী-সাহিত্যিক তথা অনুৰাগীয়ে দৰ্শকৰ শাৰী পূৰ্ণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷’মঞ্চৰূপা’ৰ সভাপতি শিল্পী চন্দন পাঠক, কাৰ্যকৰী সভাপতি বলিন চন্দ্ৰ বৰদলৈ, সম্পাদিকা লাকী চাংকাকতিৰ নেতৃত্বত ৰাইজৰ মাজত সফলতাৰে আশীস বুটলিবলৈ সক্ষম হোৱা ‘মঞ্চৰূপা’ৰ শিল্পী সকলে বিভিন্ন গীতেমাতে অনুষ্ঠানটিক সাৱলীল ভাৱে আগবঢ়াই নিয়ে৷ শিল্পী ৰূপনন্দা দত্ত, অভিলাষা বৰুৱা, ইমন সৌৰভ বৰুৱা, প্ৰস্তুতি চাংকাকতি, প্ৰস্তুতি বৰদলৈ, মামণি বৰকটকী, ননীমাধৱ বৰকটকী, ৰিণি শৰ্মা, ৰিতুপৰ্ণা চাংকাকতি,কবিতা শৰ্মা মেঘালি শৰ্মা, মাধুৰিমা দত্ত, ড° সুৰজিত বৰকটকী, ড°শ্ৰুতিধাৰা মহন্ত, বনজুৰি বৰুৱা, বিনু দাস বৰুৱা, চৈয়দা মাছহুদা ৰহমান, বন্দনা পাঠক, কৌশিক শৰ্মা, তনভী তনয়া বৰুৱা আদি ‘মঞ্চৰূপা’ৰ শিল্পী সকলে গীত, বাদ্য নৃত্যৰে সুধাকণ্ঠৰ সৃষ্টিৰাজীক পুনৰ মুখৰিত কৰি তোলে৷ সুধাকণ্ঠ ড°ভূপেন হাজৰিকা আৰু সম্প্ৰীতি-মধুকৰ হাচান ছৰিফ আহমদৰ সোঁৱৰণত অনুষ্ঠিত নষ্টালজিক সন্ধিয়াটিৰ আঁত ধৰে সাংস্কৃতিক সম্পাদক হাচান ইকবালে৷