ডিব্ৰুগড়ৰ বাণীপুৰ মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অগ্ৰণী বেচৰকাৰী শিশু অনুষ্ঠান বাণীপুৰ মইনা পাৰিজাতৰ চতুৰ্দশ দ্বি বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে বাণীপুৰস্থিত ডিব্ৰুগড় জিলা মইনা পাৰিজাত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ প্ৰথমদিনা আৰম্ভণিতে পতাকা উত্তোলন কৰে পাৰিজাতৰ সভাপতি প্ৰাঞ্জল ৰাজকুমাৰে৷ বন্তি প্ৰজ্বলন কৰে মইনা দীক্ষিত ফুকনে৷ ইয়াৰ পিছতেই মইনাসকলৰ মাজত মনোযোগী খেল, ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, চিত্ৰাঙ্কণ, ভেশচন আৰু অভিভাৱক-মাতৃসকলৰ মাজত আকৰ্ষণীয় মিউজিক চেয়াৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ কাৰ্যসূচীৰ আৰম্ভণিতে মইনা বিপ্ৰা গোহাঁইয়ে বন্তি প্ৰজ্বলন কৰে৷ ইয়াৰ পিছতেই ডিব্ৰুগড় আঞ্চলিকৰ অন্তৰ্গত ১০ খন শাখা পাৰিজাতৰ মইনাসকলে এক বৰ্ণাঢ্য প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উপদেষ্টা ৰঞ্জন দত্তই৷ শোভাযাত্ৰাৰ বিচাৰক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী জিন্তু চেতিয়া আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই৷ শোভাযাত্ৰাৰ পিছতেই বিভিন্ন শাখাৰ মইনাসকলৰ মাজত সমবেত সংগীত আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সংবাদকৰ্মী প্ৰশান্ত কোঁৱৰ আৰু শিক্ষক জয়ন্ত দত্তই৷ অধিৱেশনৰ মুকলি সভাত সভাপতিত্ব কৰে জ্যোতি মইনা পাৰিজাতৰ মইনা অনন্যা বৰুৱাই৷ এই সভাতে বাণীপুৰ মইনা পাৰিজাতৰ ৪ গৰাকী প্ৰাক্তন মইনাকো বিদায় সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ শেষত বঁটা বিতৰণী অনুষ্ঠান আৰু নিশাৰ ভাগলৈ বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হয়৷ অনুষ্ঠানত ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদক মামণি শৰ্মা, উপসভাপতি হিৰণ্য সেনাপতি, নৰেন চক্ৰৱৰ্তী, জিলা সমিতিৰ উপদেষ্টা ৰঞ্জন দত্ত, জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ৰাজীৱ ফুকন, কেন্দ্ৰীয় সদস্য হৰিপ্ৰসাদ দত্ত, আঞ্চলিক সমিতিৰ সম্পাদক কল্পনা বুজৰবৰুৱা, বাণীপুৰ শাখাৰ উপদেষ্টা অজয় দত্ত, উপসভাপতি জগন্নাথ দুৱৰা, মুখ্য পৰিচালিকা উষা দত্ত, পৰিচালিকা বৰ্ণালী মেছ চাংমাই, সহঃ সম্পাদক দিলীপ ডেকাবৰুৱাকে প্ৰমুখ্যে কৰি আন বিষয়ববীয়াসকলো উপস্থিত থাকে৷ অধিৱেশনৰ দুয়োটা দিনৰ অনুষ্ঠানসমূহ পৰিচালনা কৰে বাণীপুৰ শাখা সমিতিৰ সম্পাদক বিষ্ণু গোহাঁয়ে৷