ডিব্ৰুগড়ৰ টিংখাং বিধান সভা সমষ্টিৰ ঔগুৰিত নিৰ্বাচনী সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

ডিব্ৰুগড়ৰ টিংখাং বিধান সভা সমষ্টিৰ ঔগুৰিত নিৰ্বাচনী সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   ‘মোডী কি গেৰান্টি -মামা কি ৱাৰেন্টি’- টিংখাং বিধান সভা সমষ্টিৰ ঔগুৰিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি বক্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে । ৰাইজক সম্বোধন কৰি বিভিন্ন উন্নয়ণমূলক আঁচনিৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । ‘একলাখ হৈ গল  আৰু ৫০ হাজাৰ নিবনুৱাক চাকৰি দিব’ বুলি কয় মুখ্যমন্ত্ৰীয়ে । সৰ্বানন্দ সোণোৱালৰ হৈ ড° হিমন্ত বিশ্ব শৰ্মাই ৰসাল কথাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । ইফালে সাংবাদিকৰ আগত সৰ্বানন্দ সোণোৱালে বিপুল ভোটৰ ব্যৱধানত বিজয়ী হব বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, সহস্ৰাধিক মহিলাই স্কুটি ৰেলীৰে টিংখাং শলগুৰিৰ হেলিপেডৰ পৰা নিৰ্বাচনী সভালৈ আদৰি আনে মুখ্যমন্ত্ৰীগৰাকীক । মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়াসহ কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ  কৰ্মকৰ্তাই।