ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীত অসহায় সৰ্বসাধাৰণ ৰাইজ:একেমুখে ধিক্কাৰ চৰকাৰ,প্ৰশাসনক

ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীত অসহায় সৰ্বসাধাৰণ ৰাইজ:একেমুখে ধিক্কাৰ চৰকাৰ,প্ৰশাসনক

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ দ্বিতীয়খন পৌৰসভা ডিব্ৰুগড় পৌৰসভা উন্নীত কৰা হ’ল পৌৰনিগমলৈ। গুৱাহাটী পৌৰনিগমৰ পিছতেই দ্বিতীয়খন পৌৰনিগম হিচাপে স্বীকৃতি লাভ কৰিলে ডিব্ৰুগড় পৌৰনিগমে। অৰ্থাৎ মহানগৰ হিচাপে গুৱাহাটীৰ পিছতেই ডিব্ৰুগড় মিনি মহানগৰলৈ ৰূপান্তৰিত হ’ল। বৰ্তমানে সমগ্ৰ ডিব্ৰুগড় মহানগৰ খনি কৃত্ৰিম বান পানীৰ কবলত। ডিব্ৰুগড়ৰ ২২ টা ৱাৰ্ড সম্পূৰ্ণ পানীৰ তলত। পূৰ্বেও কেবাবাৰো ডিব্ৰুগড় বাসী এই কৃত্ৰিম বানৰ কবলত পৰিছে যদিও এইবাৰৰ কৃত্ৰিম বান পানীৰ ভয়াবহতা অন্যতম। ঘৰৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী। কেইটামান পাম্পৰে চহৰৰ পৰা পানী উলিয়াই দিয়াৰ বৃথা চেস্টা ।অসহায় প্ৰশাসন, অসহায় চৰকাৰ। মুখলধাৰ বৰষুণৰ ফলত সৃষ্টি হ’ল সাগৰ সদৃশ চহৰখনৰ পৰিবেশ। ডিব্ৰুগড়ৰ বিভিন্ন বিভাগ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ ভিতৰত কৃত্ৰিম বান পানী। বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰ লেপেটকটালৈ স্থানান্তৰ, জনস্বাস্থ‍্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথ সমূহত একাঁঠু পৰ্যন্ত পানীত ৰাইজে ককবকাই আছে। নলা নৰ্দমা সমূহ বৈজ্ঞানিক পদ্ধতিৰে সুপৰিকল্পিত ভাৱে নিৰ্মাণ নকৰাৰ ফলতেই ডিব্ৰুগড়ত কৃত্ৰিম বানে বুৰাই পেলোৱাৰ কথা স্বীকাৰ কৰিছে ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডা° সৈকত পাত্ৰ‌,কংগ্ৰেছৰ দিনত গেছ,পিয়াজৰ দামত গৰুৰ গাড়ী, পিয়াজৰ মালা পিন্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা বিধায়ক প্ৰশান্ত ফুকন এতিয়া নিৰূপায়। বাতৰি লিখালৈকে বৰ্তমানেও পানী কমা নাই, একেই পৰিবেশে বিৰাজ কৰি আছে ডিব্ৰুগড়ৰ চহৰত। ধাৰাসাৰ বৰষুণৰ কাৰণে হোৱা এই কৃত্ৰিম বানক লৈ অসহায় জিলা প্ৰশাসন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন আৰু মেয়ৰ সৈকত পাত্ৰ। চৰকাৰ এখন যে আছে ভাবিবই নোৱাৰি ডিব্ৰুগড়ৰ ৰাইজৰ অৱস্থা দেখিলে। খৰালিত নলা নৰ্দমাৰ কাম নকৰি বাৰিষা কাম কৰাৰ অভিযোগ উত্থাপিত ৰাইজৰ। নলা নৰ্দমাৰ কাম পৰিকল্পনাৰে বিজ্ঞান সন্মত ভাৱে নকৰিলে এই সমস্যাৰ সমাধান কৰিব নোৱাৰিব বুলি ৰাইজে কয়।