ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত বিশ্ব প্রেছ স্বাধীনতা দিৱস উদযাপন

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত বিশ্ব প্রেছ স্বাধীনতা দিৱস উদযাপন: চাৰিজন যুৱ সাংবাদিকক সম্বর্ধনা :’সংবাদ মাধ্যমত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ’ শীর্ষক বক্তৃতা প্রদান ইকবাল আহমেদৰ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে সংবাদ মাধ্যমৰো নতুন নতুন সংযোজন ঘটিছে। সংবাদ পত্ৰৰ পৰা ডিজিটেল মাধ্যমলৈ আৰম্ভ হোৱা এই যাত্ৰাত আছে বহু প্রত্যাহ্বান আহিছে। শেহতীয়াকৈ কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ হ’বলৈ গতি কৰিছে সংবাদ মাধ্যমে। কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ হোৱা সংবাদ মাধ্যমে সেই আৱেগ-চৰিত্ৰ যে ধৰি ৰাখিব নোৱাৰে সেয়া নিশ্চিত। আজি (৩-৫-২৫) ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত বিশ্ব প্রেছ স্বাধীনতা দিৱসত ‘সংবাদ মাধ্যমত কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱ’ শীর্ষক বক্তৃতানুষ্ঠানত এইদৰে কয় সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদে। ভাষণ প্রসংগত তেওঁ কয় যে, কৃত্রিম বুদ্ধিমত্তাই সংবাদ মাধ্যমৰ কৰ্মচাৰী হ্রাস কৰি চলাই নিয়াত যিদৰে সুবিধা আছে সেইদৰে ইয়াৰ কিছু সীমাবদ্ধতাও আছে। তদুপৰি কৃত্রিম বুদ্ধিমত্তাই বহুসময়ত বিপথে পৰিচালনা কৰাৰো থল আছে। কিয়নো যিসমূহ তথ্য লাভ কৰে সেই তথ্যৰ ওপৰত ভিত্তি কৰিহে সমগ্ৰ বিষয়টো পৰিচালনা বা মতামত আগবঢ়াব পাৰে। তেওঁলোকৰ নিজা সৃষ্টি নাথাকে। ইয়াৰ আঁৰত থাকে কোনো ব্যক্তি বা অনুষ্ঠান- প্রতিষ্ঠান। তেওঁ আৰু কয় যে গাজাত এতিয়ালৈকে ১৬০ জনৰো অধিক সাংবাদিক নিহত হৈছে। সৌ সিদিনা পেহেলগামত ২৬ জনকৈ নিৰিহ মানুহক সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে হত্যা কৰে আৰু তাৰ বাবে সেই জঘন্য কাণ্ড কৰা সকলক গৰিহনা দিয়াৰ লগতে সকলোৱেই এক মিনিট সময় মৌনতা অৱলম্বন কৰে। তেওঁ কয় যে আজিকালি ফটোবোৰত আন এজনৰ মুখ লগাই বিকৃত কৰিব পাৰে আৰু বহু কিবাকিবি কৰিব পাৰে । তেওঁ কয় বৰ্তমান সময়ত ৬৪ শতাংশ ফেক নিউজ ভাৰতত আহে আৰু এইবোৰৰ পৰা সাৱধান হোৱাৰ বাবে সকলকে আহ্বান জনায়। বৰ্তমানে ৯৮ শতাংশ মফচলীয় সাংবাদিকৰ নিয়োগপত্ৰ নাই, লগতে সাংবাদিকৰ নিৰাপত্তা কথা আহমেদে উল্লেখ কৰে। বিশিষ্ট সাংবাদিক, অসম আদিত্য কাকতৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই কয় যে ভাৰতীয় সংবিধানৰ ১৯ -এ মতে সাংবাদিকক স্বাধীনতা প্ৰদান কৰিছে। কিন্তু পেপাৰৰ মালিক পক্ষই যি স্বাধীনতা দিছে তাৰ মাজতে আমি থাকি আছো। লগতে বৰায় সাংবাদিকতাৰ নিৰাপত্তাৰ বিষয়টো সজোৰে উত্থাপন কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা সাৱধান হোৱাৰ আহ্বান জনায়। এই অনুষ্ঠানতে যুৱ সাংবাদিক বঁটা লাভ কৰা সাংবাদিক পৰেশ আইণ্ড, জ্যোতিষ আৰু যাদৱ গগৈয়ে সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে চমু ভাষণ দিয়ে  লগতে সাংবাদিকৰ নিৰাপত্তা কথা তেওঁলোকে উল্লেখ কৰে।ৰাষ্ট্ৰসংঘ সংস্থা ভাৰতীয় ফেডাৰেশ্যন, ডিব্ৰুগড় জিলা সাংবাদিক সন্থা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু কানৈ মহাবিদ্যালয়ৰ বি চি এ বিভাগৰ উদ্যোগত আয়োজিত বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ অনুষ্ঠানটি উদ্বোধন কৰে ৰাষ্ট্ৰসংঘ ভাৰতীয় ফেডাৰেশ্যনৰ সচিব ড° অশ্বিনী শর্মাই। ভাষণত ৰাষ্ট্ৰসংঘ সংস্থাটোৰ দৃষ্টিভংগীও ব্যাখ্যা কৰে তেওঁ। ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে। ডিব্রুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মাই আদৰণী ভাষণ দিয়া সভাত অতিথি হিচাপে উপস্থি হৈ বিশিষ্ট লেখক তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই ভাষণত কয় যে- বিশ্বত যি হাৰত সাংবাদিকক হত্যা কৰা হৈছে এইটোৱে গোটেই গণতন্ত্রলৈ সাংঘাতিক ধৰণে ভাবুকি আনিছে। এই প্রত্যাহ্বানসমূহ নেওঁচি সংবাদ মাধ্যমে আজিৰ তাৰিখত দৃঢ়তাৰে আগুৱাই যোৱা সংকল্প ল’ব লাগিব বুলি তেওঁ কয়। আনহাতে এই অনুষ্ঠানতে যুৱ সাংবাদিক যাদৱ গগৈ, জ্যোতিষ পাতিৰ, পৰেশ আইন্দ আৰু জেছিম আহমেদক বিহুৱান , চেলেং চাদৰ, প্ৰস্তুতি পত্ৰ আৰু স্মাৰক ৰে  সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে স্মৃতি তর্পণ কাৰ্যসূচী বন্তি প্রজ্বলনেৰে সমাপন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঁয়ে। এই অনুষ্ঠানত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, কানৈ মহাবিদ্যালয়ৰ বি চি এ বিভাগৰ মুৰব্বী অধ্যাপক হৰজিন্দৰ সিং, জ্যেষ্ঠ সাংবাদিক ললিত শর্মা, অনিল পোদ্দাৰ,জিতেন্দ্ৰ শ্ৰী বাস্তৱ, এম হাছিম আলি, মনোজ পাণ্ডে, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰকাশন সচিব লেখিকা অৰ্পনা ফুকন দাস, ডিব্ৰুগড় পলিটেকনিকৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰণৱ জ্যোতি লহকৰ, প্ৰশাসনিক বিষয়া পল্লৱ কমল শৰ্মা আদি উপস্থিত থকাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,শুভাকাংক্ষী আৰু ডিব্ৰুগড়ৰ জেষ্ঠ কণিষ্ঠ সাংবাদিক সকল উপস্থিত থাকে।