ডিব্ৰুগড়ত ১৪ জুনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰক্তদান শিবিৰৰ আয়োজন

ডিব্ৰুগড়ত ১৪ জুনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰক্তদান শিবিৰৰ আয়োজন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মানৱ সম্পদ সেৱা আগবঢ়োৱা এটা বেচৰকাৰী সামাজিক তথা ধৰ্মীয় অনুষ্ঠান ডিব্ৰুগড়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই সেৱাবাহিনীৰ উদ্যোগত বিশ্ব ৰক্তদান দিৱস তথা বিভিন্ন সময়ত ৰাইজৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি আহিছে। এই উদ্দেশ্যে অহা ১৪ জুনত বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আৰু ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ চৌহদত এই দিৱস অনুষ্ঠিতকৰা হ’ব। এই শিবিৰত সংঘৰ সেৱা বাহিনী সেৱক-সেৱিকা সকলে স্বেচ্ছাই শিবিৰত অংশ গ্রহণ কৰি ৰক্তদান কৰিব। ৰক্তদানৰ শিবিৰৰ গুৰুত্বপূর্ণ ভূমিকা বিষয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক জিতেন হাজৰিকাই সংবাদ মাধ্যামক অবগত কৰে যে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী দ্বাৰা পৰিচালিত ৰক্তকোষে মানৱ কল্যাণৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্রহণ কৰি আহিছে । এই শিবিৰত ডিব্ৰুগড়বাসী ৰাইজ তথা সংঘৰ জিলা শাখাৰ অন্তৰ্গত সংশ্লিষ্ট সকলো আঞ্চলিক শাখা তথা বিষয়ববীয়া সকলৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে জিলা শাখা সম্পাদক জিতেন হাজৰিকাই।