ডিব্ৰুগড়ত হিলাল কমিটিৰ ৰমজান মাহৰ সঠিক তালিকা প্ৰকাশ

ডিব্ৰুগড়ত হিলাল কমিটিৰ ৰমজান মাহৰ সঠিক তালিকা প্ৰকাশ

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ হিলাল কমিটিৰ সভাপতি আলহজ্ব মৌলানা আইনান জুবেৰী আৰু সম্পাদক নাচিমুল গণিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে যোৱা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা হিলাল কমিটিৰ সাধাৰণ সভাত আগন্তুক ৰমজান মাহৰ সময় সূচী প্ৰস্তুত কৰাৰ বাবে এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । এই সভাত ডিব্ৰুগড় চহৰৰ কেবাটাও মছজিদ কমিটিৰ সভাপতি আৰু সম্পাদকৰ লগতে জামাতৰ সদস্যকলৈ ৰমজান মাহৰ সঠিক সময় নিৰ্ধাৰণ কাৰণে কৰাৰ বাবে এখনি সমিতি গঠন কৰি দিয়া হয়। সেই মৰ্মে ২৯ ফেব্ৰুৱাৰীত উপস্থিত সকলোৰে সন্মতিমৰ্মে আগন্তুক পৱিত্ৰ ৰমজান মাহৰ সঠিক সময় সূচীখন প্ৰস্তুত কৰি বিশেষকৈ ডিব্ৰুগড়ৰ ৰাইজৰ মাজত বিতৰণৰ ব্যৱস্থা কৰা হয়। এই সঠিক সময় সূচীৰ তালিকাখন বিশেষকৈ আন্তৰ্জাতিক সময় (গুগুল) আৰু মহম্মদ আনছে লিখা “চালাত টাইমছ” কিতাপ খনৰ পৰা নিৰ্ধাৰণ কৰা হৈছে বুলি সমিতি খনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সেয়েহে ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলসমূহৰ সকলো মুছলমান জামাতকে বিভ্রান্তিৰ সৃষ্টি নোহোৱাৰ কাৰণে এই সময় সূচীখন অনুকৰণ কৰিবলৈ ডিব্ৰুগড় জিলা কমিটিৰ সভাপতি আৰু সম্পাদকে অনুৰোধ জনায়।