ডিব্ৰুগড়ত সোণোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ পূৰ্ণাংগ সমিতি গঠন–নথিপত্ৰ হস্তান্তৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অলপতে গঠিত হোৱা ‘সোনোৱাল কছাৰী কালচাৰেল ছ’চাইটি’ নামৰ সংগঠনটিৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়৷ এই উপলক্ষ্যে ডিব্ৰুগড়ৰ দুলীয়া-দাইনিজান বাইথ’ মন্দিৰ প্ৰাংগণত জনজাতিটোৰ বিশিষ্ট ব্যক্তি শান্তনু দাস বৰহাজোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিখনৰ পূৰ্ণাংগ ৰূপ প্ৰদান কৰি তিনিচুকীয়া নিৱাসী অৱসৰপ্ৰাপ্ত উপায়ুক্ত ভূৱন চন্দ্ৰ বড়াক অধ্যক্ষ আৰু টিংখাং অঞ্চলৰ চহৰীকটাৰ সাংস্কৃতিক কৰ্মী ভক্তি প্ৰসাদ সোণোৱালক মুখ্য সচিব, ডিব্ৰুগড় জামিৰাৰ কুলস্বামী লালোৱাৰী, বিহপুৰীয়াৰ যোগেশ্বৰ সোণোৱালক উপাধ্যক্ষ, বগীনদীৰ মজিন সোণোৱাল, ডাঙৰীৰ মণিকান্ত সোণোৱালক সচিব, ডিব্ৰুগড়ৰ অহিন্দ্ৰ শইকীয়াক বিত্ত সচিব, টেঙাখাতৰ ৰতন হাজৰিকাক মুখপত্ৰ আৰু প্ৰচাৰ সচিব, ধমনৰ হৰেন ডেকাবৰুৱা, ধেমাজিৰ ৰূপজ্যোতি বৰুৱা, বামৰজাবাৰীৰ দীপ দিহিং কছাৰী, ডাঙৰীৰ বিকাশ সোণোৱাল, ডিৰাকৰ মানৱ সোণোৱাল, গোলাঘাটৰ লীলা সোণোৱাল, বিহপুৰীয়াৰ তোলন সোণোৱালক সাংগঠনিক সচিবসহ ৪১ জনীয়া সদস্যৰ অন্তৰ্ভুক্ত কৰা হয়৷ সমিতিখনিয়ে অহা ২২ ডিচেম্বৰত জনজাতিটোৰ ডাঙৰীস্থিত মূল বাইথ’ মন্দিৰত শপত গ্ৰহণ কৰিব৷ পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য ৰিদীপ হাজৰিকাই আঁতধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্যবাহী সদস্য বসন্ত সোণোৱালে৷ সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে অসমৰ অন্য জনজাতিৰ তুলনাত সোণোৱাল সকলৰ কৃষ্টি-সংস্কৃতিৰ যি চহকী ৰূপ সেয়া এই সংগঠনটোৱে জনমানসত তুলি ধৰাৰ লগতে বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব বুলি আশা প্ৰকাশৰ লগতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰতে সংগঠনটোলৈ পৰিষদে জমা কৰি ৰখা ‘ক’ৰ্পাছ ফাণ্ড’ৰ প্ৰথম কিষ্টি হিচাপে এক কোটি টকা আৰু অহা মাৰ্চ মাহত দুই কোটি টকা প্ৰদান কৰা হ’ব বুলি ভাষণত উল্লেখ কৰে৷ সভাত জনজাতিটোৰ বিশিষ্ট ব্যক্তি তথা মূল বাইথ’ মন্দিৰৰ প্ৰাক্তন মজিন্দাৰ প্ৰমোদ চন্দ্ৰ সোণোৱাল, সাংস্কৃতিক কৰ্মী লীলা হাজৰিকাই শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ সভাত সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ সম্পাদক যুগল ফৰমালৰ লগতে অন্যান্য সংগঠনসমূহৰ শীৰ্ষ নেতৃত্ব আৰু পৰিষদৰ কাৰ্যবাহী সদস্য ঋষিকেশ শইকীয়া, খনিন্দ্ৰ সোণোৱালকে ধৰি নৱগঠিত সংগঠনটোৰ নিৰ্বাচিত সদস্যসকল উপস্থিত থাকে৷ উক্ত সভাতেই পৰিষদৰ তৰফৰ পৰা সংগঠনটোক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ প্ৰদানৰ লগতে নথিপত্ৰ হস্তান্তৰ কৰে৷ উল্লেখ্য যে উজনি অসমৰ ৯ খন জিলাৰ সাংস্কৃতিক জগতৰ সহস্ৰাধিক লোকৰ লগতে সোনোৱাল কছাৰী জনজাতিৰ সংগঠন ক্ৰমে ছাত্ৰ সন্থা, কল্যাণ সংঘ, সাহিত্য সভা, জাতীয় পৰিষদ, যুৱ পৰিষদৰ নেতা-কৰ্মী আৰু পৰিষদৰ কাৰ্যবাহী আৰু সাধাৰণ সদস্যৰ উপস্থিতিত তিনি নবেম্বৰত ডিব্ৰুগড়ত অনু্ষ্ঠিত উক্ত অভিৱৰ্তনত সংগঠনটোৰ কেৱল অধ্যক্ষ আৰু মুখ্য সচিবক নিৰ্বাচন কৰা হৈছিল৷